অসম

assam

By

Published : Jan 11, 2021, 2:13 PM IST

ETV Bharat / state

বৰপেট‍াৰ হাউলীত এগৰাকী যুৱতীৰ ন্যায় বিচাৰি হাহাকাৰ

ধেমাজীৰ এগৰাকী যুৱতীয়ে বৰপেট‍াৰ হাউলীত ন্যায় বিচাৰি কৰিছে হাহাকাৰ ৷ বৰপেটাৰ হাউলী চহৰৰ সমীপৰ মিলনজ্যোতি মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰৱক্তা মাহবুব দৌলা আহমেদে যুৱতী গৰাকী বিবাহৰ প্ৰলোভন দি শাৰিৰীক সম্পৰ্ক স্থাপন কৰিছিল ৷ কিন্তু প্ৰৱক্তা গৰাকীয়ে যুৱতীগৰাকীৰ অজ্ঞাতে অন্য এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ ইয়াৰ পাচতে আৰক্ষীৰ কাষ চাপে যুৱতীগৰাকী ৷

বৰপেট‍াৰ হাউলীত এগৰাকী যুৱতীৰ ন্যায় বিচাৰি হাহাকাৰ
বৰপেট‍াৰ হাউলীত এগৰাকী যুৱতীৰ ন্যায় বিচাৰি হাহাকাৰ

বৰপেটা, ১১ জানুৱাৰী : বৰপেট‍াৰ হাউলীত এগৰাকী যুৱতীৰ ন্যায় বিচাৰি হাহাকাৰ । ধেমাজীৰ যুৱতী তথা বৰপেটা আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ এই হাহাকাৰ । বৰপেটাৰ হাউলী চহৰৰ সমীপৰ মিলনজ্যোতি মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰৱক্তা মাহবুব দৌলা আহমেদৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল এই যুৱতী গৰাকীৰ । বিবাহপাশত আৱদ্ধ হোৱাৰ প্ৰতিশ্ৰুতি দি যুৱতী গৰাকীৰ সৈতে প্ৰেমৰ চলনাৰে শাৰিৰিক সম্পৰ্ক ৰক্ষা কৰিছিল প্ৰৱক্তাজনে । কিন্তু পৰৱৰ্তী সময়ত যুৱতী গৰাকী অন্তঃসত্তা হয় আৰু যুৱতী গৰাকীয়ে গৰ্ভপাত কৰিবলৈ বাধ্য হয় । যুৱতী গৰাকীৰ অভিযোগ অনুসৰি, প্ৰেমিক আৰু তেওঁৰ পৰিয়ালে নানা ধৰণৰ ভয় ভাবুকি প্ৰদান কৰি অন্ত:সত্বা কৰিবলৈ বাধ্য কৰিছিল যুৱতীগৰাকীক ৷ মাহবুবৰ নিজ ভাতৃৰ হাউলী চহৰত থকা দৌলা নামৰ ফাৰ্মাচীখনৰ জৰিয়তে গৰ্ভপাত কৰা হৈছিল বুলি অভিযোগ কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে ।

বৰপেট‍াৰ হাউলীত এগৰাকী যুৱতীৰ ন্যায় বিচাৰি হাহাকাৰ

ইফালে, এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাছতে লম্পট যুৱক মাহবুব দৌলা আহমেদে কিছুদিন পূৰ্বে অন্য এগৰাকী যুৱতীৰ সৈতে লগত গোপনে বিবাহ পাশত আবদ্ধ হয় ৷ ইয়াৰ পিচতেই প্ৰেমিক মাহবুব দৌলা আহমেদৰ বিৰুদ্ধে ধেমাজিৰ ভুক্তভোগী যুৱতী গৰাকীয়ে কাষ চাপে আৰক্ষীৰ । ভুক্তভোগী যুৱতী গৰাকীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে হাউলী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 420/367/313/325/392/365/34 ধাৰাত হাউলী থানত 531/2020 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে । কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে আটক কৰা নাই মাহবুব দৌলা আহমেদক । ইতিমধ্যে যুৱতী গৰাকীয়ে মাহবুবৰ ফটো সম্বলিত এক গোহাৰি প্ৰস্তুত কৰি ন্যায় বিচাৰিছে ।

উল্লেখ্য যে,ইয়াৰ পূৰ্বেও প্ৰবক্তা গৰাকীয়ে মিলনজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ সৈতে যৌন নিৰ্যাতন চলোৱা ঘটনাক লৈ এতিয়াও গোচৰ চলি আছে । কিন্তু ইয়াৰ পাছতো লম্পট প্ৰৱক্তা গৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ যাৰ বাবে ক্ষোভিত হৈ পৰে একাংশ সচেতন নাগৰিক ৷

অন্য এক খবৰৰ বাবে: আজি শিলচৰৰ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰিব জে পি নাড্ডাই

ABOUT THE AUTHOR

...view details