কলগাছিয়াত আল আমিন ইডুকেশ্বনৰ বিনামূলীয়া স্বাস্থ্য শিৱিৰ
বৰপেটাৰ কলগাছিয়াত আল আমিন ইডুকেশ্বন ন্যাসৰ উদ্যোগত আয়োজিত কৰা হয় বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ ৷ স্বাস্থ্য শিৱিৰত অঞ্চলটোৰ বিভিন্ন ৰোগত আক্ৰান্ত কেইবা শতাধিক লোকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় ৷
কলগাছিয়া, 02 ছেপ্তেম্বৰ : সোমবাৰে বৰপেটা কলগাছিয়াৰ ছনপুৰা হাজী পাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয় বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ ৷ আল আমিন ইডুকেশ্বন ন্যাসৰ উদ্যোগত আয়োজিত বিনামূলীয়া স্বাস্থ্য শিবিৰত অঞ্চলটোৰ বিভিন্ন ৰোগত আক্ৰান্ত শতাধিক লোকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় ৷ বিনামূলীয়া স্বাস্থ্য শিবিৰত উপস্থিত থাকে আল আমিন ইডুকেশ্বন ন্যাস পুঁজিৰ সভাপতি এম মোজাম্মিল হুছেইন,সম্পাদক ইছমাইল হুছেইন আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক শ্বেৰমান আলীকে ধৰি অঞ্চলটোৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তি ৷