অসম

assam

By

Published : Jun 23, 2019, 5:26 PM IST

ETV Bharat / state

বৰপেটা হাউলীত শ্বহীদ বেদীৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন

কিন্তু সম্প্ৰতি শ্বহীদ বেদীটো জৰাজীৰ্ণ হৈ পৰাৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ অনিৰ্ধাৰিত পুঁজিৰে শ্বহীদ বেদীটো পুনৰ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহন কৰে ৷ প্ৰায় ২০ লক্ষ টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা শ্বহীদ বেদীটো অতি আকৰ্ষনীয়ভাৱে নিৰ্মাণ কৰাৰ বাবে প্ৰসিদ্ধ ভাস্কর্য শিল্পী বীৰেণ সিংহই নক্সা প্ৰস্তুত কৰিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শ্বহীদ বেদীটোৰ নিৰ্মাণৰ বাবে 20  লাখ টকাৰ সাহাৰ্য্য আগবঢ়াইছে যদিও প্ৰয়োজন হ'লে পুনৰ ধন আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাগৰাকীয়ে জানিবলৈ দিয়ে ৷

বৰপেটা হাউলীত শ্বহীদ বেদীৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন

বৰপেটা, ২৩ জুনঃ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত মাতৃভূমিৰ বাবে আত্ম বলিদান দিয়া বীৰ শ্বহীদ সকলৰ পবিত্র স্মৃতিত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে দেওবাৰে বৰপেটা হাউলীত এটি শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন কৰে ৷ হাউলীৰ শ্বহীদ মধু বৈশ্যৰ পুত্র বাবুল বৈশ্য আৰু ভাস্কর্য শিল্পী বীৰেণ সিংহৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা গৰাকীয়ে শ্বহীদ বেদীটোৰ আধাৰশিলা স্থাপন কৰে ৷ ১৯৮৫ চনতে সুধাকন্ঠ ড. ভূপেন হাজৰিকাই আধাৰশিলাটো স্থাপন কৰি ১৯৮৭ চনত শ্বহীদ বেদীটো উন্মোচন কৰিছিল ৷

বৰপেটা হাউলীত শ্বহীদ বেদীৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন

কিন্তু সম্প্ৰতি শ্বহীদ বেদীটো জৰাজীৰ্ণ হৈ পৰাৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ অনিৰ্ধাৰিত পুঁজিৰে শ্বহীদ বেদীটো পুনৰ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহন কৰে ৷ প্ৰায় ২০ লক্ষ টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা শ্বহীদ বেদীটো অতি আকৰ্ষনীয়ভাৱে নিৰ্মাণ কৰাৰ বাবে প্ৰসিদ্ধ ভাস্কর্য শিল্পী বীৰেণ সিংহই নক্সা প্ৰস্তুত কৰিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শ্বহীদ বেদীটোৰ নিৰ্মাণৰ বাবে 20 লাখ টকাৰ সাহাৰ্য্য আগবঢ়াইছে যদিও প্ৰয়োজন হ'লে পুনৰ ধন আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাগৰাকীয়ে জানিবলৈ দিয়ে ৷

অসম আন্দোলনৰ শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস , বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা , অসম চৰকাৰৰ সমাজকল্যান বিভাগৰ সচিব হেমেন দাস, গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্ত্রা মহেন্দ্ৰ দাসৰ লগতে সদৌ অসম ছাত্র সন্থাৰ একাংশ নেতায়ো অংশগ্ৰহন কৰে ।

ABOUT THE AUTHOR

...view details