অসম

assam

ETV Bharat / state

বৰপেটাত কিদৰে চলিছে বিদেশী ন্যায়াধিকৰণ ! - etv bharat assam

বৰপেটাত কিদৰে চলিছে বিদেশী ন্যায়াধিকৰণ ৷ ভাড়াঘৰত চলিছে বৰপেটাৰ আটাইকেইখন ন্যায়াধিকৰণ ৷ ন্যায়াধিকৰণত নাই পৰ্যাপ্ত সুবিধা, আনকি ন্যায়াধীশৰ বাবেও নাই আছুতীয়া কোঠা ৷ উকীল সন্থা, আছুৰ ক্ষোভ ৷

বৰপেটাত কিদৰে চলিছে বিদেশী ন্যায়াধিকৰণ!

By

Published : Jun 14, 2019, 2:32 PM IST

বৰপেটা, ১৪ জুনঃ কিদৰে চলিছে ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণ ৷ বিদেশী চিনাক্তকৰণৰ বাবে স্থাপন কৰা বিদেশী ন্যায়াধিকৰণসমূহৰ অৱস্থা কেনেকুৱা ৷ কি পৰিস্থিতিত চলি আছে বৰপেটাৰ 11 খনকৈ বিদেশী ন্যায়াধিকৰণ ৷ চাৰিটা দশক ধৰি বাংলাদেশী সমস্যাই উত্তাল কৰি ৰাখিছে ৰাজ্যখন ৷ বাংলাদেশী সমস্যাক লৈয়েই খিলঞ্জীয়া অসমীয়াৰ মনত সৃষ্টি হোৱা সন্দেহ, শংকা, সংশয়ৰ যেন ওৰ নপৰিব কাহানিও ৷ কাৰণ বাংলাদেশী সমস্যা সমাধানৰ বাবে কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰৰেই হওক, কোনো এখন চৰকাৰৰেই যেন নাই তিলমানো সদিচ্ছা ৷ বিদেশী চিনাক্তকৰণৰ বাবে স্থাপন কৰা বিদেশী ন্যায়াধীকৰণ সমূহৰ তথৈবচ অৱস্থাই উমান দিয়ে প্ৰকৃততে সমস্যাতো সমাধানৰ প্ৰতি কিমান আগ্ৰহী চৰকাৰ ৷ বৰপেটাত আছে 11 খনকৈ বিদেশী ন্যায়াধিকৰণ ৷ পিছে 11 খনকৈ ন্যায়াধিকৰণৰ এখনৰো নাই নিজা ভৱন ৷ জৰাজীৰ্ণ, প্ৰয়োজনীয় আন্তঃগাঠনি নথকা একোটা ঘৰতেই কোনোমতে চলি আছে ন্যায়াধিকৰণসমূহ ৷ কৰবাত দহ-বাৰ ফুটৰ দুটা কোঠালীৰ ঘৰ, কৰবাত পঞ্চাছ ফুট বহল একেটা কোঠাতেই ওঠৰ-বিশগৰাকী লোকে কাম কৰিবলগীয়া হৈ আহিছে ৷ এশ এবুৰি সমস্যাৰ মাজত কোনোমতে চলি আছে ৰাজ্যখনৰ প্ৰধান সমস্যাৰূপে চিহ্নিত বাংলাদেশী নাগৰিকৰ সমস্যাটোৰ সমাধানৰ মুল চাবিকাঠি বিদেশী ন্যায়াধিকৰণসমূহ ৷ বৰপেটাৰ কোনো এখন ন্যায়াধিকৰণতে নাই প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰী ৷ আনকি শুনানিত অংশ ল'বলৈ অহা লোকসকলৰ বহাৰ সুবিধা নোহোৱাৰ লগতে, ন্যায়াধিকৰণসমূহত ঠিয় হ'বলৈকো ঠাইৰ অভাৱ ৷ এশ এটা সমস্যাৰ মাজত বৰপেটাত এনেকৈয়ে কোনোমতে চলি আছে 11 খনকৈ ন্যায়াধিকৰণ ৷ ইপিনে বৰপেটাৰ বিদেশী ন্যায়াধিকৰণৰ সমস্যাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ বৰপেটা জিলা উকীল সন্থা আৰু বৰপেটা জিলা ছাত্ৰ সন্থাৰ ৷ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে ক’লে চৰকাৰৰ সদিচ্ছাহীনতাৰ কথা ৷ আনকি ন্যায়াধিকৰণসমূহৰ আন্তঃগাঠনি উন্নয়ন বা স্থায়ী ভৱন নিৰ্মাণৰ বাবে বাজেটত ধন ধাৰ্য নকৰা কথাটোকলৈয়ো অসন্তুষ্টি ব্যক্ত কৰিলে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে ৷

বৰপেটাত কিদৰে চলিছে বিদেশী ন্যায়াধিকৰণ!

একেদৰে বৰপেটা জিলা উকীল সন্থাৰ সভাপতি ধৰনীধৰ তালুকদাৰেও ক’লে বিদেশী ন্যায়াধিকৰণসমূহত চলি থকা অৱস্থাৰ কথা ৷ আনকি বহু অধিবক্তাই বিদেশী ন্যায়াধিকৰণত গৈ বহিবলৈ এখন চকীৰ অভাৱ হোৱাৰ কথাও ব্যক্ত কৰে অধিবক্তা গৰাকীয়ে ৷ ঘন্টাৰ পিচত ঘন্টা বোন্দাপৰ দি থকা বয়োজ্যেষ্ঠ অথবা দিব্যাংগসকলৰ বাবেও নাই কোনো আছুতীয়া সুবিধা ৷ আনহাতে, বিগত বহু বছৰ ধৰি হাজাৰটা সমস্যাৰ মাজত চলি থকা ন্যাযাধিকৰন সমূহৰ যি তথৈবচ অৱস্থা, তাকে দেখি ৰাজ্যত নতুনকৈ স্থাপন কৰিবলগীয়া দুশখন ন্যায়াধিকৰণৰ অৱস্থা কি হ'ব সেয়া নিশ্চয়কৈ লাখটকীয়া প্ৰশ্ন ৷

ABOUT THE AUTHOR

...view details