অসম

assam

ETV Bharat / state

কদৰ্যময় পৰিৱেশতে দিন পাৰ কৰিছে বৰপেটাৰ একাংশ বন্যাৰ্তই - বৰপেটা বান শিবিৰ

জনীয়া সমষ্টিৰ বলাই পথাৰ গাঁৱতো ১৩৮৪ নং বলাইপথাৰ দ্বিতীয় খণ্ড প্ৰাথমিক বিদ্যালয়ত 34 টা পৰিয়ালৰ প্ৰায় 130 জন লোকে 50 টা শিশুৰে সৈতে এক কদৰ্যময় পৰিৱেশত বাস কৰি আছে ৷ এই শিবিৰ সমূহৰো নাম নাই চৰকাৰী শিবিৰৰ তালিকাত ৷

Barpeta
কদৰ্যময় পৰিৱেশতে দিন পাৰ কৰিছে বৰপেটাৰ একাংশ বন্যাৰ্তই

By

Published : Jul 24, 2020, 5:01 PM IST

বৰপেটা, ২৪ জুলাইঃ বৰপেটা জিলাত বান অৱস্থাৰ সামান্য উন্নতি হৈছে যদিও এতিয়াও বহু শিবৰত আশ্ৰয় লৈ আছে বন্যাৰ্তই ৷ জিলাখনত সৃষ্টি হোৱা অভাৱনীয় বান পৰিস্থিতিৰ সন্মুখীন হোৱা বন্যাৰ্তক জিলা প্ৰশাসনে শিবিৰ পাতি আশ্ৰয় প্ৰদান কৰিছে ৷ আনহাতে জিলাখনৰ বহু লোকৰ ঘৰ দুৱাৰ বানত জলমগ্ন হৈ পৰাৰ ফলত চৰ অঞ্চলৰ ওখ ভেটি,মথাউৰি আদিৰ লগতে বহু বিদ্যালয় গৃহত আশ্ৰয় লৈছে বন্যাৰ্তই ৷

বৰপেটাত বান অৱস্থাৰ সামান্য উন্নতি

লগতে পঢ়কঃস্বাধীনতা দিৱসৰ বাবে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা জাৰি

জনীয়া সমষ্টিৰ বানত আক্ৰান্ত 50 টা পৰিয়ালৰ প্ৰায় 300 জন লোক 279 নম্বৰ চনপুৰা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈ আছে ৷ উক্ত শিবিৰটোত আশ্ৰয় লৈ থকা শিশুৰ সংখ্যা 80 ৷ কিন্তু চৰকাৰী শিবিৰৰ তালিকাত নাম নাই এই শিবিৰটোৰ ৷ একেদৰে জনীয়া সমষ্টিৰ হাজি কৈবত আলি এম ই মাদ্ৰাছাখনতো আশ্ৰয় লৈ আছে বানত আক্ৰান্ত 40টা পৰিয়ালৰ প্ৰায় 200 লোক ৷ ইপিনে বৃদ্ধ আৰু বহু আদহীযা লোকৰ সৈতে শিবিৰটোত আশ্ৰয় লৈ আছে 60 টাকৈ কণ কণ শিশু ৷

কদৰ্যময় পৰিৱেশতে দিন পাৰ কৰিছে বৰপেটাৰ একাংশ বন্যাৰ্তই

জনীয়া সমষ্টিৰ বলাই পথাৰ গাঁৱতো ১৩৮৪ নং বলাইপথাৰ দ্বিতীয় খণ্ড প্ৰাথমিক বিদ্যালয়ত 34 টা পৰিয়ালৰ প্ৰায় 130 জন লোকে 50 টা শিশুৰে সৈতে এক কদৰ্যময় পৰিবেশত বাস কৰি আছে ৷ এই শিবিৰ সমূহৰো নাম নাই চৰকাৰী শিবিৰৰ তালিকাত ৷ এনেদৰে জিলাখনৰ বিভিন্ন প্ৰান্তত বহু চৰকাৰী বিদ্যালয়ত বানত আক্ৰান্ত লোকসকলে শিবিৰ পাতি আশ্ৰয় লৈ আছে যদিও বহু শিবিৰৰ নাম নাই চৰকাৰী শিবিৰৰ তালিতাত ৷ অৱশ্যে যদিও এইসমূহ শিবিৰ চৰকাৰীভাৱে স্বীকৃত নহয়,তথাপি শিবিৰত আশ্ৰয় লৈ থকা লোকসকলক চাউল,দাইল, নিমখ আদিকে ধৰি প্ৰয়োজনীয় বান সাহাৰ্য আৰু খাদ্য সামগ্ৰী যোগান ধৰা হৈছে এই শিবিৰসমূহত ৷

ABOUT THE AUTHOR

...view details