জনীয়া,6 আগষ্টঃ কলগাছিয়াত অৱস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত কৰ'ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু ৷ ৰোগীজন সৰভোগৰ পুঠিমাৰী গাঁৱৰ কনক নাথৰ পুত্ৰ মনোজ নাথ (৩০) বুলি জানিব পৰা গৈছে ৷ বিগত ৩ আগষ্টতে সৰভোগত ৰেপিড এন্টিজেন টেষ্টত ক’ভিড-19 পজিটিভ ধৰা পৰিছিল ৰোগীজনৰ ৷
বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰথম জন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু - সৰভোগৰ পুঠিমাৰী গাঁৱৰ কনক নাথৰ পুত্ৰ মনোজ নাথ
বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰথমজন কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱাত অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷
![বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰথম জন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু barpeta first covid-19 patient death](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8317811-204-8317811-1596711929964.jpg)
বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰথম জন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু
বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰথম জন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু
ইপিনে ৩ আগষ্টত ক’ভিড-19 পজিটিভ ধৰা পৰা পাচৰে পৰা বৰপেটাৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত আছিল ৰোগীজন ৷ বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰথমজন কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱাত অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ ইপিনে মৃতদেহটো কলগাছিয়া ৰাজহ চক্ৰৰ বিষয়া অজিত কলিতাৰ উপস্থিতিত সৰভোগৰ পুঠিমাৰী লৈ অন্তেষ্টি ক্ৰিয়া সম্পন্ন কৰাৰ বাবে প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ বানাক্ৰান্তা অঞ্চলৰ ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে বাঁহৰ দলং