বৰপেটা,30মে': লক ডাউনৰ ব্যাপক প্ৰভাৱত জুৰুলা ৰাজ্যৰ সকলো উদ্যোগ ৷তাৰ সমান্তৰালভাৱে ভৱিষ্যত অনিশ্চয়তাত এতিয়া থলুৱা শিল্পও ৷ কাৰণ লক ডাউনে যেন একপ্ৰকাৰ মাধমাৰ শোধাইছে ৰাজ্যৰ থলুৱা শিল্পক ৷ ৰাজ্যৰ অন্যতম থলুৱা শিল্প বৰপেটাৰ ঐতিহ্যমণ্ডিত থলুৱা আতচবাজী শিল্প এতিয়া সংকটত৷নাই উপাৰ্জন,নাই কোনো উৎসৱ, বন্ধ আতচবাজীৰ কাম ৷ইটোৰ পিছত আনটো দুৰ্যোগৰে মোকাবিলা বৰপেটাৰ ঐতিহ্যমণ্ডিত থলুৱা আতচবাজী শিল্পৰ৷
এই সন্দৰ্ভত বৰপেটাৰ মনি চুনা আতচবাজী উদ্যোগৰ স্বত্বাধিকাৰ ৰীতামণি পাঠকে ই টিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়ে যে,লক ডাউনৰ ফলত আতচবাজী শিল্প উদ্যোগটো বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে ৷ দীপাৱলীৰ সময়তো বৰষুণ হোৱাৰ ফলত আতচবাজীৰ বিক্ৰী ভালদৰে নহ'ল ৷তাৰপিছতে CAA আন্দোলনৰ প্ৰভাৱ পৰিল শিল্প উদ্যোগটোৰ ওপৰত আৰু এতিয়া কৰ'ণা মহামাৰীয়ে লক ডাউন কঢ়িয়াই অনাত উদ্যোগটোৰ ভৱিষ্যৎ বিপদলৈ আগবাঢ়িছে ৷ আনহাতে আজিপৰ্যন্ত চৰকাৰে ঐতিহ্যমণ্ডিত এই থলুৱা উদ্যোগটো ৰক্ষাৰ বাবে কোনোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা নাই বুলি উল্লেখ কৰি স্বত্বাধিকাৰ ৰীতামণি পাঠকে ঐতিহ্যমণ্ডিত এই ক্ষুদ্ৰ উদ্যোগটো কিমানদিনলৈ জীয়াই ৰাখিম বুলি ক্ষোভ প্ৰকাশ কৰে ৷ ইয়াৰ উপৰিও উদ্যোগটোৰ লগত জড়িত নিবনুৱাসকলো অৰ্থিকভাৱে সংকটত পৰা বুলি মন্তব্য প্ৰকাশ কৰে স্বত্বাধিকাৰগৰাকীয়ে ৷