বৰপেটা, ১৬ অক্টোবৰ : পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন (Dipawali 2022) । আন্ধাৰ বিনাশী পোহৰৰ আৰাধনাৰ বাবে সাজু হৈছে সকলো । দীপাৱলীৰ ৰং, ৰূপ আৰু পোহৰেৰে আগন্তুক দিন উজলাবলৈ প্ৰস্তুতি চলিছে সৰ্বত্ৰে । দীপাৱলী মানেই চাকি-বন্তি আৰু আতচবাজীৰ পোহাৰ ।
আতচবাজী বুলি ক'লেই আকৌ ৰাজ্যত প্ৰথমতে মনত পৰে বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ কথা । একক আৰু অনন্য বৰপেটাৰ থলুৱা আতচবাজীয়ে সকলোকে আকৰ্ষিত কৰি আহিছে (Barpeta local fire crackers industry) । এইবাৰৰ দীপাৱলীৰ বাবেও সাজু হৈ উঠিছে বৰপেটাৰ আতচবাজী ।
পোহৰৰ উৎসৱ দীপাৱলীৰ আকাশ পোহৰাবলৈ ইতিমধ্যে সাজু হৈ উঠিছে বৰপেটাৰ ঐতিহ্যপূৰ্ণ থলুৱা আতচবাজী শিল্প ৷ বিভিন্ন ধৰণৰ আতচবাজী প্ৰস্তুতৰ কামত ব্যস্ত হৈ পৰিছে থলুৱা কাৰুশিল্পীসকল ৷ দীপাৱলীৰ আকাশ পোহৰাবলৈ বৰপেটাৰ কাৰুশিল্পীসকলে দিনে নিশাই ব্যস্ত হৈ আছে কলগছ, মতা, আছমান গোলা, চেৰেকী, মতাৰ গছ, চকলেট ব'ম, হাজাৰ পাট্টাকে আদি কৰি বিভিন্ন আতচবাজী প্ৰস্তুতৰ কামত ৷
অৱশ্যে এই বৰপেটাৰ থলুৱা আতচবাজী শিল্পই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ আহিছে (problems of Barpeta fire crackers industry) । বিগত বছৰবোৰৰ তুলনাত এইবেলি আতচবাজী প্ৰস্তুতৰ ক্ষেত্ৰত অধিক সমস্যাৰ মুখামুখী হ'বলগীয়া হৈছে শিল্পটোৰ সৈতে জড়িত লোকসকল ৷ বিশেষকৈ এইবেলি কেঁচা সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত বজাৰ দখলত সমস্যাত পেলাইছে শিল্পীসকলক ৷
বহিঃৰাজ্যৰ সামগ্ৰীৰ লগত ফেৰ মাৰি বজাৰ দখল কৰাত সমস্যাৰ সৃষ্টি হৈছে শিল্পীসকলৰ ৷ কৰোনা কালত পূৰ্বে দুটা বছৰ আতচবাজী শিল্পটোৰ শিল্পীসকল ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল ৷ এই বছৰত অধিক উৎসাহেৰে শিল্পীসকলে কাম আৰম্ভ কৰিছিল যদিও মূল্যবৃদ্ধিয়ে সমস্যাত পেলাইছে শিল্পীসকলক (Barpeta fire crackers ready for dipawali) ৷ সত্ৰনগৰী বৰপেটাৰ ঐতিহ্যপূৰ্ণ থলুৱা শিল্পটো বচাই ৰখাৰ বাবে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে শিল্পটোৰ সৈতে জড়িত পৰিয়ালসমূহে ৷
উল্লেখ্য, ১৮৮৫ চনত বৰপেটাৰ পাঠক বংশৰ লক্ষী পাঠকে আৰম্ভ কৰিছিল এই আতচবাজী শিল্পটো ৷ বিভিন্ন সমস্যা আৰু প্ৰতিকূলতাক নেওচি বৰপেটাৰ পাঠক বংশৰ নৱ-প্ৰজন্মই শিল্পটো জীয়াই ৰখাৰ চেষ্টাত ব্ৰতী হৈ আছে ৷ শতিকা প্ৰাচীন বৰপেটাৰ আতচবাজী শিল্পই নিজৰ ঐতিহ্য আৰু গৰিমা বহন কৰি আহিছে যদিও শিল্পটোৰ উন্নয়ন আৰু বিকাশ যিধৰণে হ'ব লাগিছিল এতিয়ালৈ তেনেধৰণে বিকাশ হোৱা নাই ৷
দীপাৱলীৰ বাবে সাজু বৰপেটাৰ থলুৱা আতচবাজী অৱশ্যে আগন্তুক দিনত বৰপেটাৰ এই ঐতিহ্যপূৰ্ণ শিল্পটোক বিকাশ, প্ৰসাৰ আৰু বৰ্তাই ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপৰো প্ৰয়োজন আছে । চৰকাৰৰ উচিত আৰু দীৰ্ঘম্যাদী প্ৰকল্পৰে এই শিল্পটোক স্থায়িত্ব প্ৰদানৰ প্ৰচুৰ সম্ভাৱনা আছে । লগতে শিল্পটোৰ লগত জড়িত লোকসকলৰ আৰ্থিক সুৰক্ষাৰ দিশতো চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে নৱ-প্ৰজন্ম শিল্পটোৰ প্ৰতি অধিক আগ্ৰহী হোৱাৰ থল আছে ।
লগতে পঢ়ক :Zubeen Garg Program in Morigaon : জুবিজু ন গাৰ্গৰৰ্গ অনুষ্ঠানত পুনৰ অপ্ৰীতিকৰ পৰিস্থিত