বৰপেটা, 26 ডিচেম্বৰ : বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কাদঙ হাইস্কুল অগ্নিকাণ্ডত কোটি টকাৰ ক্ষতি । বিদ্যুতৰ বিজুতি পৰা এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ বিদ্যালয় কৰ্তৃপক্ষ আৰু ৰাইজৰ । অগ্নিকাণ্ডত ৯ টাকৈ শ্ৰেণী কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত ।
উল্লেখ্য যে, বুধবাৰে নিশা কাদঙ উচ্চ মাধ্যমিক বিদ্যালয়ত অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডত কোটিৰো অধিক টকাৰ ক্ষয় ক্ষতি হয় বুলি জানিবলৈ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই ৷ ৰাইজৰ তৎপৰতাত বিদ্যালয় কাৰ্যালয়ৰ নথি পত্ৰ উলিয়াবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷