অসম

assam

ETV Bharat / state

লক ডাউনঃ ক্ষতিৰ সন্মুখীন বৰপেটাৰ খেতিয়ক পতি-পত্নী

খেতিয়ক পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁই ডেকাই প্ৰায় ডেৰ লাখ টকা ব্যয়ৰে ৰোপণ কৰিছিল ৮ হাজাৰ ষ্ট্ৰবেৰীৰ পুলি ৷ কিন্তু ফলবোৰ লাগিবলৈ আৰম্ভ কৰোতেই ঘোষণা কৰা লক ডাউনৰ বাবে এতিয়া খেতি পথাৰতে ফলসমূহ নষ্ট হৈ পৰিছে ৷

Barpeta farmer is in loss
লক ডাউনঃ ক্ষতিৰ সন্মুখীন বৰপেটাৰ খেতিয়ক পতি-পত্নী

By

Published : Apr 19, 2020, 1:05 PM IST

Updated : Apr 19, 2020, 3:20 PM IST

বৰপেটা,19 এপ্ৰিলঃ লক ডাউনৰ বাবে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যৰ খেতিয়কসকল ৷ বজাৰ হাট বন্ধৰ ফলত ফচলবোৰ খেতিপথাৰতে নষ্ট হৈ গৈছে ৷ একেদৰেই ক্ষতিৰ সন্মুখীন হৈছে বৰপেটাৰ সমীপৰ কামাৰপাৰা গাঁৱৰ দুই খেতিয়ক পতি-পত্নী ৷ উল্লেখ্য যে,খেতিয়ক পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁই ডেকাই প্ৰায় ডেৰ লাখ টকা ব্যয়ৰে ৰোপণ কৰিছিল ৮ হাজাৰ ষ্ট্ৰবেৰীৰ পুলি ৷ কিন্তু ফলবোৰ লাগিবলৈ আৰম্ভ কৰোতেই ঘোষণা কৰা লক ডাউনৰ বাবে এতিয়া খেতি পথাৰতে ফলসমূহ নষ্ট হৈ পৰিছে ৷

ক্ষতিৰ সন্মুখীন বৰপেটাৰ খেতিয়ক পতি-পত্নী

পৰমেশ্বৰ ডেকাই বৰপেটা,হাউলী,বৰপেটাৰোড,গুৱাহাটী আদিৰ বজাৰত প্ৰতিকিলো ষ্ট্ৰবেৰী বজাৰত চাৰে তিনিশৰ পৰা চাৰিশ টকালৈকে বিক্ৰী কৰিছিল ৷ তেখতে ষ্ট্ৰবেৰী বিক্ৰী কৰি বছৰি প্ৰায় 4ৰ পৰা 5 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ কিন্তু এইবাৰ তেখতে ষ্ট্ৰবেৰী বিক্ৰী কৰি লাভ কৰে মাত্ৰ ৩২ হাজাৰ টকা ৷ উৎপাদিত ফচল বিক্ৰীৰ বাবে চক্ৰ বিষয়া আৰু কৃষি বিভাগৰ সৈতে যোগাযোগ কৰিছিল যদিও কোনোধৰণৰ সুফল লাভ নকৰিলে লোকজনে ৷

আনহাতে খেতিয়ক গৰাকীৰ পত্নী জয়া বৰগোহাঁই ডেকাই কয় যে,আমাৰ ফচল নষ্ট হৈছে যদিও দুখ কৰা নাই ৷ কাৰণ কৰ’ণা মহামাৰীৰ এই সময়ত জীৱনটোহে মূল ৷ জীৱনটো থাকিলে আকৌ খেতি কৰিব পাৰিম বুলি কৈ সকলোকে লক ডাউন মানি ঘৰতে থাকিবলৈ আহ্বান জনালে এইগৰাকী আদৰ্শৱান মহিলা খেতিয়কে ৷

লগতে পঢ়ক-চিৰাঙত ফুটপাথৰ কুকুৰ আৰু বিভিন্ন চৰাই চিৰিকটিক খাদ‍্যৰ যোগান

Last Updated : Apr 19, 2020, 3:20 PM IST

ABOUT THE AUTHOR

...view details