অসম

assam

ETV Bharat / state

চপৰা চপৰে খহিছে ঐতিহ্যমণ্ডিত বহৰি সত্ৰ - মহাপুৰুষ হৰিদেৱ

১৪৫৩ খৃষ্টাব্দত মহাপুৰুষ হৰিদেৱে স্থাপন কৰা ঐতিহ্যপূৰ্ণ বহৰি সত্ৰত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া ৷ ১৯৬০ চনৰ পৰাই বহৰি অঞ্চলত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াত ইতিমধ্যে নিচিহ্ন হৈছে 80 খনকৈ গাঁও ৷

ঐতিহ্যপূৰ্ণ বহৰি সত্ৰত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া

By

Published : Oct 13, 2019, 3:12 PM IST


বৰপেটা , ১৩ অক্টোবৰঃ বৰপেটাৰ ৫৬৬ বছৰীয়া ঐতিহ্যপূৰ্ণ বহৰি সত্ৰত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া ৷ ১৪৫৩ খৃষ্টাব্দত মহাপুৰুষ হৰিদেৱে স্থাপন কৰা সত্ৰখন খহনীয়াৰ পৰা ৰক্ষাৰ বাবে এতিয়ালৈকে কোনো তৎপৰতা নাই জল সম্পদ বিভাগৰ ৷ খহনীয়াৰ বাবে ক্ৰমাৎ উত্তৰলৈ গতি কৰা সত্ৰখনৰ পৰা ব্ৰহ্মপুত্ৰৰ দূৰত্ব ক্ৰমাৎ হ্ৰাস পাই আহিছে ৷ প্ৰতিদিনে বিঘাই বিঘাই খেতি মাটি জাহ গৈছে ব্ৰহ্মপুত্ৰত ৷ ১৯৬০ চনৰ পৰাই বহৰি অঞ্চলত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াত ইতিমধ্যে ৮০ খনকৈ গাঁও নিচিহ্ন হোৱাৰ লগতে উচন হৈছে বহু পৰিয়ালৰ ঘৰবাৰী ৷ বৃহত্তৰ বহৰি অঞ্চলত অব্যাহত থকা খহনীয়াই বহৰি সত্ৰৰ লগতে মৰাপাট নগৰী হিচাপে খ্যাত বহৰি বজাৰখনৰ প্ৰতিও কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷ সম্প্ৰতি প্ৰবল ৰূপ লোৱা ব্ৰহ্মপুত্ৰৰ খহনীয়াই কঁপনি তুলিছে অঞ্চলটোৰ স্থানীয় লোকসকলৰ মনতো ৷ পিছে ৰাইজৰ এই বিপৰ্যয়ৰ সময়তো যেন নিৰ্বিকাৰ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্লোগান আওৰোৱা খিলঞ্জীয়া অসমীয়া জনগনৰ নিজৰ চৰকাৰ ৷ সত্ৰখন ৰক্ষাৰ বাবে চৰকাৰৰ উদাসীনতাৰ বিপৰীতে অবশেষত উপায়ন্তৰ ৰাইজে নিজেই হাতত লবলগীয়া হৈছে প্ৰতিৰোধৰ ব্যৱস্থা ৷ যিয়ে যেনেকৈ পাৰে গছৰ ডাল-পাত, বাঁহ আদি পেলায়েই খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে ৰাইজে ৷ বহৰি সত্ৰবাসী ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি কাতৰ আহ্বান জনাইছে যেনেকৈয়ে নহওক, যিকোনো উপায়ে সত্ৰখন ৰক্ষা কৰিবলৈ ৷ হৰিদেৱ গুৰুৱে জ্বলাই থৈ যোৱা ৫৬৬ বছৰীয়া অক্ষয় বন্তিগছি যাতে অনিৰ্বাপিত হৈ থাকে সেই ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বহৰি সত্ৰবাসী ৰাইজে ৷

ঐতিহ্যপূৰ্ণ বহৰি সত্ৰত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া

ABOUT THE AUTHOR

...view details