অসম

assam

ETV Bharat / state

বৰপেটাত কোনে পাব প্ৰাৰ্থীত্ব ! - election candidate

জনীয়াত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছে তিনিজনকৈ প্ৰাক্তন বিধায়কে ৷ জনীয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচৰা ভিতৰত আছে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান আৰু জনীয়াৰ দুই প্ৰাক্তন বিধায়ক আব্দুছ ছোভান আৰু আব্দুৰ ৰৌফ

বৰপেটাত কোনো বিচাৰিলে উপনিৰ্বাচনৰ প্ৰাৰ্থীত্ব!

By

Published : Sep 25, 2019, 5:02 PM IST

বৰপেটা, 25 চেপ্তেম্বৰঃ জনীয়াত কংগ্ৰেছৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিচাৰি ২০ জনে জনাইছিল আবেদন ৷ মঙলবাৰে বৰপেটাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈ যায় বৰপেটা জিলা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা ৷ সভাত প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনোৱা সকলোকেইগৰাকী আবেদনকাৰীৰ নাম প্ৰদেশ কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে জিলা কংগ্ৰেছে ৷ ইয়াৰ মাজতেই বুধবাৰে গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে বৰপেটা জিলা কংগ্ৰেছৰ এক গোপন বৈঠক অনুষ্ঠিত হয় ৷ য'ত অংশ লয় জনীয়াৰ প্ৰাক্তন বিধায়ক তথা সাংসদ আব্দুল খালেকে ৷ এই বৈঠকতে একপ্ৰকাৰ চূড়ান্ত কৰা হয় জনীয়াৰ প্ৰাৰ্থীত্ব ৷ 27 চেপ্তেম্বৰত অনুষ্ঠানিক ভাবে ঘোষণা কৰা হ'ব প্ৰাৰ্থীৰ নাম ৷ জনীয়াত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছে তিনিজনকৈ প্ৰাক্তন বিধায়কে ৷ জনীয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচৰা নেতাসকৰলৰ ভিতৰত আছে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান আৰু জনীয়াৰ দুই প্ৰাক্তন বিধায়ক আব্দুছ ছোভান আৰু আব্দুৰ ৰৌফ ৷ পিছে জনীয়াত কোনে পাব কংগ্ৰেছৰ প্ৰাৰ্থীত্ব ইয়াকে লৈ দলটোৰ মাজত চলিছে তীব্ৰ উৎকন্ঠা ৷

বৰপেটাত কোনে বিচাৰিলে উপ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব !

আনহাতে, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাৰ অকপট স্বীকাৰোক্তি, "বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানেও পাব পাৰে জনীয়াৰ প্ৰাৰ্থীত্ব ৷"

ABOUT THE AUTHOR

...view details