অসম

assam

ETV Bharat / state

কৰ্মচাৰী অবিহন চলিছে শিক্ষা বিভাগৰ কাৰ্যালয়ঃ স্তব্ধ কাম-কাজ - হাউলী

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ কৰ্মসংস্কৃতিৰ নমুনা ৷ বিভাগীয় বিষয়াৰ অবিবেচক সিদ্ধান্তৰ বাবেই সম্প্ৰতি কৰ্মচাৰী শূন্যহৈ পৰিছে ভবানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যলয়ত । খালী হৈ পৰিছে কাৰ্যলয়টোৰ প্ৰতিখন চকী ৷ উপস্থিত নাই এগৰাকীও কৰ্মচাৰী ৷

ভবানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যলয়

By

Published : Jun 3, 2019, 6:08 PM IST

বৰপেটা, ৩ জুনঃ ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীনতাৰ নমুনা ৷ বিভাগীয় বিষয়াৰ অবিবেচক সিদ্ধান্তৰ বাবেই সম্প্ৰতি কৰ্মচাৰী শূন্যহৈ পৰিছে ভবানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যলয়ত । খালী হৈ পৰিছে কাৰ্যলয়টোৰ প্ৰতিখন চকী ৷ উপস্থিত নাই এগৰাকীও কৰ্মচাৰী ৷ ফলত কোঠাৰ চকী শূন্য হৈ পৰি ৰৈছে ৷ কাৰ্যালয়টোত এগৰাকীও কৰ্মচাৰী নথকাৰ বাবে বিভাগীয় কামৰ বাবে কাৰ্যালয়টোলৈ আহি উভতি যাবলগীয়া হৈছে বহুজন ৷

ভবানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যলয়

এগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়েই ৰখীয়া গুৰুত্বপূৰ্ণ শিক্ষা বিভাগৰ কাৰ্যালয়টোত ৷ কাৰ্যালয়টোৰ শিক্ষা বিষয়া লীলাধৰ দাস আৰু সহকাৰী পৰিদৰ্শকজন বৰ্তমান নিয়োজিত হৈ আছে এনআৰচিৰ কামত ৷ আনহাতে আন দুগৰাকী কৰ্মচাৰীও এতিয়া প্ৰাথমিক শিক্ষা বিভাগত নতুনকৈ নিযুক্তি হ'বলগীয়া বিভিন্ন পদৰ প্ৰাৰ্থীৰ নথি পৰীক্ষণৰ কামত বৰপেটাত নিয়োজিত হৈ থকাৰ লগতে আন এগৰাকী কৰ্মচাৰী অৱসৰ গ্ৰহণৰ বাবে এটা পদ খালী হৈ আছে ৷ ফলত সম্পূৰ্ণৰূপে কৰ্মচাৰী শূন্য হৈ পৰিছে ভৱানীপুৰ শিক্ষা খণ্ডৰ এই কাৰ্যালয়টো । এনে এক পৰিপ্ৰেক্ষিতত প্ৰাথমিক শিক্ষক সকলে বিদ্যালয় পৰিচালনাকে ধৰি বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ কি কাৰণত এনেদৰে এটা কাৰ্যালয় বিষয়া-কৰ্মচাৰী শূন্য কৰি অন্য দায়িত্বত নিয়োজিত কৰিলে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details