বৰপেটা,১৫ মাৰ্চঃ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতালৰ শৈল্য বিভাগৰ চিকিৎসক ডাঃ কৈলাশ ঠাকুৰীয়াৰ এটি ভাইৰেল ভিডিঅ’য়ে খলকনি তুলিছে সমগ্ৰ বৰপেটাত ৷ এগৰাকী মহিলাৰ অস্ত্ৰোপচাৰৰ বাবদ পাঁচ হাজাৰ টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰিছিল মহিলাগৰাকীৰ আত্মীয়ই ৷ চিকিৎসকগৰাকীৰ সৈতে ৰোগীৰ আত্মীয়ৰ ধনক লৈ চলা কথোপকথনৰ কথা বন্দী হৈছিল ভিডিঅ'টোত ৷ ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিচতে ঘটনাটোক লৈ আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ একাংশ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে ৰোগীৰ পৰা প্ৰায়ে উৎকোচ বিচৰা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে এই ভিডিঅ'টোক লৈ চলিচে ব্যাপক চৰ্চা ৷ প্ৰকৃততে কি চলিছে চৰকাৰী চিকিৎসালয়সমূহত সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে বৰ্তমান থিয় দিছে ৷
ইফালে ঘটনা সন্দৰ্ভত চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ এয়া এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে চিকিৎসক গৰাকীয়ে ৷ আনকি এই ষড়যন্ত্ৰৰ আঁৰত থকাসকলক ধৰা পেলোৱা বুলি প্ৰকাশ কৰে চিকিৎসক গৰাকীয়ে ৷