অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদে বৰপেটা জিলা যুৱ কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে ।

Barpeta district youth congress protest against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Jun 12, 2021, 11:38 AM IST

বৰপেটা,12 জুন :পেট্ৰ’ল-ডিজেলৰ লগতে খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে বৰপেটা জিলাৰ হাউলীত যুৱ কংগ্ৰেছে (Barpeta district youth congress) উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ (central government) হায় হায় আদি বিভিন্ন শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে । আহমেদে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাতো বিজেপি চৰকাৰৰ ব্যৰ্থতা বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :হোজাইত যুৱ কংগ্ৰেছৰ জিলা সম্পাদিকাৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details