বৰপেটা, 14 আগষ্ট :কাৰাগাৰৰ ভিতৰত আগবঢ়োৱা সংস্কাৰমূলক সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ সংস্কাৰমূলক উৎকৰ্ষতাৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰ ৷ দেশৰ স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা প্ৰকাশ পোৱা এক বিবৃতিত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৩৬ গৰাকী বিষয়া কৰ্মচাৰীলৈ ৰাষ্ট্ৰপতিৰ এই পুৰস্কাৰ আগবঢ়োৱা কথা ঘোষণা কৰা হৈছে ৷
দেশৰ ৩৬ গৰাকী বিষয়াৰ ভিতৰত বৰপেটাৰ কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰ অসমৰ পৰা বঁটা লাভ কৰা একমাত্ৰ বিষয়া ৷ দীৰ্ঘদিনৰ পৰা কাৰাগাৰসমূহৰ উৎকৰ্ষকতাৰ বাবে নিৰন্তৰভাৱে কৰি অহা কৰ্মৰাজিৰ বাবেই বিষয়াগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ ইপিনে বঁটা লাভৰ পিচতেই কাৰাগাৰক সংস্কাৰৰ থলি হিচাপে গঢ়ি তুলি অপৰাধীসকলক সমাজৰ আগত ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ চলাই অহা প্ৰয়াসৰ কথাও উল্লেখ কৰে কাৰাগাৰ অধীক্ষকগৰাকীয়ে ৷
বৰপেটা জিলা কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰলৈ ৰাষ্ট্ৰপতিৰ বিশেষ বঁটা কাৰাগাৰৰ দিনলিপি লিখি এগৰাকী লেখক হিচাপেও বিশেষ পৰিচয় লাভ কৰা গোবিন্দ মালাকাৰ কামৰূপ জিলাৰ হাজোৰ বৰদধিৰ প্ৰয়াত পৰেশ চন্দ্ৰ মালাকাৰ আৰু বাসন্তী মালাকাৰৰ দ্বিতীয় পুত্ৰ ৷ গোবিন্দ মালাকাৰৰ বঁটা প্ৰাপ্তিৰ বতৰাই কৰ্মস্থলী বৰপেটাৰ লগতে হাজোৰ বৰদধি অঞ্চলবাসীকো আনন্দিত কৰি তুলিছে ৷
লগতে পঢ়ক :মৰণোত্তৰভাৱে অসম আৰক্ষীৰ 6 গৰাকী শ্বহীদলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক
উল্লেখ্য যে, ইয়াৰ উপৰিও অসমৰ 18 গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতি বিভিন্ন শাখাৰ পদক । এইবাৰ ডিষ্টিংগুইচ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল আগবঢ়োৱা হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তালৈ । সেইদৰে গেলেণ্টেৰী সেৱাৰ বাবে অসমৰ দুগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও দুংগেল আৰু প্ৰকাশ সোণোৱালৰ লগতে মৰনোত্তৰভাৱে উপ-আৰক্ষী পৰিদৰ্শক ভাস্কৰ কলিতা আৰু কনিষ্টবল দীপক বৰালৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল ।
আনহাতে, মেৰিট'ৰিয়াছ সেৱাৰ বাবে অসমৰ ১৩ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে আৰক্ষীৰ পদক । তেওঁলোক হৈছে - আৰক্ষী অধীক্ষক বীৰেন্দ্ৰ মেধি, অষ্টম অসম আৰক্ষী বাহিনীৰ অধিনায়ক এ বসুমতাৰী, উপ আৰক্ষী অধীক্ষক জগদীশ কুমাৰ সিন্হা, পৰিদৰ্শক ৰঞ্জিত ৰাজখোৱা, পৰিদৰ্শক বদৰুল ইছলাম, পৰিদৰ্শক যোগেন্দ্ৰ বৰ্মন, পৰিদৰ্শক ধ্ৰুৱজ্যোতি দাস, হেড কনিষ্টবল বালা কৃষ্ণ থাপা, হেড কনিষ্টবল দীলিপ বৰুৱা, হেড কনিষ্টবল দীপেন দাস, হেড কনিষ্টবল নবীন বৰগোঁহাই, কনিষ্টবল এছ দেৱ ৰয় আৰু মহিলা কনিষ্টবল শৰ্মিলা সিং।আনহাতে, হোম গাৰ্ড আৰু চিভিল ডিফেন্সৰ ক্ষেত্ৰত মেৰিট'ৰিয়াছ সেৱাৰ বাবে অসমৰ চুবেদাৰ মোহিনী মোহন শৰ্মা, পল্টুন কামাণ্ডাৰ গণেশ ডেকা, হাবিলদাৰ হৰেশ্বৰ বৰগোঁহাই আৰু কনিষ্টবল অসীম কুমাৰ ক'ৰলৈ হোমগাৰ্ড মেডেল আগবঢ়োৱা হৈছে ।
সমান্তৰালকৈ অসম আৰক্ষীয়েও অসম-মিজোৰাম সীমান্ত সংঘাতত প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ 6 গৰাকী শ্বহীদৰ মৰণোত্তৰভাৱে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক প্ৰদানৰ কথা ঘোষণা কৰিছে ৷
লগতে পঢ়ক :অসমৰ ১৮ গৰাকী আৰক্ষী জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক