বৰপেটা, 27 জুলাইঃ জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকা পুনৰ 19 গৰাকী কয়দী আক্ৰান্ত হয় ক’ভিড মহামাৰীত ৷ ইয়াৰ ফলত বৰ্তমানলৈ মুঠ 33 গৰাকী কাৰাগাৰত থকা কয়দী আক্ৰান্ত হৈছে কৰ’ণা মহামাৰীত ৷
ইতিপূৰ্বে বৰপেটা জিলা কাৰাগাৰৰ ১৪ গৰাকী কাৰাবন্দী ক’ভিডত আক্ৰান্ত হৈছিল ৷ আক্ৰান্ত সকলো কাৰাবন্দীকে কাৰাগাৰৰ ভিতৰত স্থাপন কৰা আইছ'লশ্যন ৱাৰ্ডত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে ৷
জিলা কাৰাগাৰ চৌহদৰ ভিতৰত ৪৬ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰাকৈ আইছ'লশ্যন ৱাৰ্ড স্থাপন কৰা হৈছে আৰু বৰপেটাৰ ফকৰুদ্দিন আলি আহমদ চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ইউনিটৰ চিকিৎসকসকলে জিলা কাৰাগাৰলৈ আহি কৰ’ণাত আক্ৰান্ত সকলৰ নিয়মীয়াকৈ চিকিৎসা চলাই আছে ৷
ইপিনে বৰপেটা জিলা কাৰাগাৰৰ ১৯ কাৰাবন্দীকে ধৰি বৰপেটাত জিলাত যোৱা ২৪ ঘন্টাত ২১ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে ৷ এই পৰ্যন্ত জিলাখনত মুঠ ৭৮৫ গৰাকী কৰ’ণাত আক্ৰান্ত লোকৰ ভিতৰত ১২০ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে ৷
লগতে পঢ়কঃকৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে কৰিমগঞ্জ