অসম

assam

ETV Bharat / state

বৰপেটাৰ জিলা নিৰ্বাচনী বিষয়া শশী কুমাৰ ডেকাক নিলম্বন - বৰপেটা জিলা

বৰপেটাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ নিৰ্বাচনৰ কৰ্তব্যত নিয়োজিত বিষয়া কৰ্মচাৰীসকলক পাৰিতোষিক প্ৰদানৰ বাবে ৰখা ধন চুৰ কৰিলে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰে দুগৰাকী কৰ্মচাৰীয়ে ৷ অলকেশ ডেকা আৰু প্ৰাঞ্জল কাকতি নামৰ দুই কৰ্মচাৰীয়ে কাৰ্যালয়টোৰ কোঠাৰ খিৰিকীৰে ভিতৰ সোমাই ট্ৰাংকত ৰখা প্ৰায় 55 লাখ টকা চুৰি কৰি নিয়ে ৷ এই ঘটনাৰ পাচতে এক নিৰ্দেশনা যোগে নিৰ্বাচন আয়োগে বৰপেটাৰ জিলা নিৰ্বাচনী বিষয়া শশী কুমাৰ ডেকাক তৎকালে প্ৰযোজ্য হোৱাকৈ নিলম্বন কৰে ৷

বৰপেটাৰ জিলা নিৰ্বাচনী বিষয়া শশী কুমাৰ ডেকাক নিলম্বন ৷
বৰপেটাৰ জিলা নিৰ্বাচনী বিষয়া শশী কুমাৰ ডেকাক নিলম্বন ৷

By

Published : Apr 5, 2021, 12:39 PM IST

বৰপেটা,5 এপ্ৰিল: তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগ সাজু হোৱাৰ সময়তে বৰপেটাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ নিৰ্বাচনৰ কৰ্তব্যত নিয়োজিত বিষয়া কৰ্মচাৰীসকলক পাৰিতোষিক প্ৰদানৰ বাবে ৰখা ধন চুৰ কৰিলে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰে দুগৰাকী কৰ্মচাৰীয়ে ৷ অলকেশ ডেকা আৰু প্ৰাঞ্জল কাকতি নামৰ দুই কৰ্মচাৰীয়ে কাৰ্যালয়টোৰ কোঠাৰ খিৰিকীৰে ভিতৰ সোমাই ট্ৰাংকত ৰখা প্ৰায় 55 লাখ টকা চুৰি কৰি নিয়ে ৷ এই ঘটনাৰ পাচতে এক নিৰ্দেশনা যোগে নিৰ্বাচন আয়োগে বৰপেটাৰ জিলা নিৰ্বাচনী বিষয়া শশী কুমাৰ ডেকাক তৎকালে প্ৰযোজ্য হোৱাকৈ নিলম্বন কৰে ৷

বৰপেটাৰ জিলা নিৰ্বাচনী বিষয়া শশী কুমাৰ ডেকাক নিলম্বন

ইফালে, এই চুৰি কাণ্ডক লৈ সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ আৰক্ষীয়ে অনুসন্ধান চলাই ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ধন চুৰিৰ ঘটনাৰ মুল অভিযুক্ত তথা কাৰ্যালয়টোৰ কৰ্মচাৰী অলকেশ ডেকা আৰু প্ৰাঞ্জল কাকতিক আটক কৰিছে ৷ এক নিৰ্দেশনা যোগে নিৰ্বাচন বিভাগে জিলা নিৰ্বাচনী বিষয়া গৰাকীক নিলম্বন কৰাৰ পাচতে সহকাৰী নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা গায়ত্ৰী শৰ্মাক নিৰ্বাচনী বিষয়াৰ দায়িত্ব অৰ্পন কৰে ৷

লগতে পঢ়ক: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা

ABOUT THE AUTHOR

...view details