অসম

assam

By

Published : Jan 11, 2021, 12:12 PM IST

ETV Bharat / state

2021ত অকলেই নিৰ্বাচন খেলাৰ দাবীত অটল বৰপেটা জিলা কংগ্ৰেছ

বৰপেটা সমষ্টিৰ দাবালীয়াপাৰাত কংগ্ৰেছৰ এখন সভাত অংশগ্ৰহন কৰি বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাই মিত্ৰতা সন্দৰ্ভত প্ৰকাশ কৰিলে নিজৰ স্থিতি ৷ কংগ্ৰেছ নেতাগৰাকীৰ মতে বৰপেটাত এআইইউডিএফ বিগ জিৰ' ৷ তেনেক্ষেত্ৰত বৰপেটাত এআইইউডিএফৰ সৈতে মিত্ৰতা কৰাৰ কোনো কাৰণ নাই ৷ বৰপেটাত কংগ্ৰেছে অকলেই নিৰ্বাচন খেলিব বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

as_bar_district-congress-reaction-on-congress-aiudf-alliance_vis_as10038
2021ত অকলেই নিৰ্বাচন খেলাৰ দাবীত অটল বৰপেটা জিলা কংগ্ৰেছ

বৰপেটা,11 জানুৱাৰী: কংগ্ৰেছৰ এজনৰ পিছত আন এজন বিধায়কৰ বিজেপিত যোগদান, কংগ্ৰেছ নেতা কৰ্মীৰ দলত্যাগ, দলীয় বিসম্বাদ ৷ বিগত সময়ত বিভিন্ন ধৰণৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটা কংগ্ৰেছ দলে শেহতীয়াকৈ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক লৈ গ্ৰহণ কৰিছে বিপৰীত স্থিতি ৷ মূলতঃ নামনি অসমৰ সংখ্যালঘু ভোটৰ আশাত কংগ্ৰেছে এআইইউডিএফৰ সৈতে মিত্ৰতাক লৈ বহুদূৰ আগবাঢ়িছিল যদিও দলটোৰ এনে এআইইউডিএফ দৰদী স্থিতিক লৈ বিপৰীত মেৰুত অৱস্থান কৰিছে বৰপেটা জিলা কংগ্ৰেছে ৷ এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা মানি লোৱা নহ’ব বুলি দলৰ হাইকমাণ্ডক নিজ স্থিতিৰ কথা অৱগত কৰিছে বৰপেটা জিলা কংগ্ৰেছে ৷

2021ত অকলেই নিৰ্বাচন খেলাৰ দাবীত অটল বৰপেটা জিলা কংগ্ৰেছ

বৰপেটা সমষ্টিৰ দাবালীয়াপাৰাত কংগ্ৰেছৰ এখন সভাত অংশগ্ৰহন কৰি বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাই মিত্ৰতা সন্দৰ্ভত প্ৰকাশ কৰিলে নিজৰ স্থিতি ৷ কংগ্ৰেছ নেতাগৰাকীৰ মতে, বৰপেটাত এআই ইউ ডি এফ বিগ জিৰ' ৷ তেনেক্ষেত্ৰত বৰপেটাত এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰাৰ কোনো কাৰণ নাই ৷ বৰপেটাত কংগ্ৰেছে অকলেই নিৰ্বাচন খেলিব বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ বৰপেটাত দলৰ সাংগঠনিক তৎপৰতা আৰম্ভ কৰাৰ লগতে বৰপেটাৰ প্ৰাক্তন বিধায়ক ৰহিম খানে সমষ্টিটোৰ চুকে কোনে আৰম্ভ কৰিছে সভা সমিতি ৷ এ আই ইউ ডি এফ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন বিধায়ক ৰহিম খানেও কংগ্ৰেছে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পক্ষত অৱস্থান কৰা দেখা গৈছে ৷

ৰহিম খানৰ মতে কংগ্ৰেছ কৰ্মীসকলে বিচাৰিছে কংগ্ৰেছৰ বিধায়ক, কংগ্ৰেছৰ চৰকাৰ ৷ সেয়ে ৰহিম খানৰ নেতৃত্বত এতিয়া বৰপেটাত আৰম্ভ হৈছে ৰাইজৰ পদুলিত কংগ্ৰেছ দলৰ সাংগঠনিক কাম কাজ ৷ যি সময়ত কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই বদৰুদ্দিন আজমলৰ সৈতে মিত্ৰতাৰে ৰাজ্যত চৰকাৰ গঠনৰ সপোন দেখিছে তেনেসময়তেই বৰপেটা জিলা কংগ্ৰেছৰ এ আই ইউ ডি এফৰ সৈতে এই মিত্ৰতা বিৰোধী স্থিতিয়ে দলটোলৈ পুনৰ আন এক বিপৰ্যায় কঢ়িয়াই অনাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক-কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা কয়দীৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

ABOUT THE AUTHOR

...view details