বৰপেটা, ৪ অক্টোবৰ: অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত নাম সাঙুৰ খাইছে বৰপেটাৰ কংগ্ৰেছ নেতা তথা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰকিবুল ইছলামৰ ৷ শনিবাৰে নলবাৰী আৰক্ষীয়ে ৰকিবুল ইছলামক বিচাৰি তেওঁৰ ঘৰত অভিযান চলোৱাৰ পিচতেই স্বাভাৱিকতেই ঘটনাটোৱে লৈছে অন্য মোৰ ৷ উক্ত কেলেংকাৰীৰ সৈতে বৰপেটাৰ কংগ্ৰেছ নেতা জড়িত থকাৰ সন্দেৰ্ভত উত্থাপিত বিভিন্ন প্ৰশ্ন সন্দৰ্ভত দেওবাৰে বৰপেটা জিলা কংগ্ৰেছে ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে ৷
লগতে পঢ়কঃৰঙিয়াত চলন্ত বাছৰ পৰা পৰি নিহত যুৱক
বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাসহ জিলা কংগ্ৰেছৰ একাংশ নেতাই অংশগ্ৰহণ কৰে সংবাদমেলখনত ৷ লগতে প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা ৰকিবুল ইছলাম কংগ্ৰেছৰ প্ৰাথমিক সদস্যই নহয় বুলি সদৰি কৰে ৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বৰ পৰা ৰকিবুল ইছলামৰ কংগ্ৰেছৰ সৈতে কোনো সম্পৰ্ক নাই বুলিও সদৰি কৰে সংবাদমেলখনত ৷