অসম

assam

ETV Bharat / state

নিবনুৱা সমস্যা সমাধান আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰতিবাদ - আৱৰ্ত ভৱন

বৰপেটাত জিলা কংগ্ৰেছে নিবনুৱা সমস্যা সমাধান আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাৰ আৱৰ্ত ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

নিবনুৱা সমস্যা সমাধান আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Nov 7, 2019, 11:28 PM IST

বৰপেটা, ৭ নৱেম্বৰঃ দেশৰ অৰ্থনৈতিক মন্দাৱস্থা আৰু নিবনুৱা সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বৰপেটা জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বৰপেটাৰ আৱৰ্ত ভৱনৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে ৷

নিবনুৱা সমস্যা সমাধান আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰতিবাদ

বিজেপি চৰকাৰৰ বিৰুদ্ধে বৰপেটাত জিলা কংগ্ৰেছৰ সদস্য সকলে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ দেশৰ ভয়াবহ অৰ্থনৈতিক মন্দাবস্থা, নিবনুৱা সমস্যাৰ সমাধান আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাৰ আৱৰ্ত ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ চেঙাৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদ আৰু জিলা কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহন কৰে ৷ প্ৰতিবাদকাৰী সকলে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ অতি শীঘ্ৰে নিবনুৱা সমস্যা সমাধান কৰিবলৈ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী কৰে প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

...view details