বৰপেটা, ২০ নৱেম্বৰ: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটী(assam pradesh congress committee)ৰ নিৰ্দেশত শনিবাৰে বৰপেটা ৰাজীৱ ভৱনত "কৃষক বিজয় দিৱস"(Kisan Vijay Diwas) পালন কৰা হয় । কৃষক বিজয় দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত বৰপেটাৰ ৰাজীৱ ভৱনত কৃষক বিৰোধী তিনিখন ক'লা আইন বাতিলৰ দাবীত হোৱা সত্যাগ্ৰহত প্ৰাণাহুতি দিয়া শ্বহীদ কৃষকসকললৈ "শ্ৰদ্ধাঞ্জলি" জনোৱা হয় ৷
উক্ত কাৰ্যসূচীত বৰপেটা জিলাৰ অন্তৰ্গত দলৰ সকলো স্তৰৰ বিষয়ববীয়া ও কৰ্মকৰ্তা উপস্থিত থাকে ৷ পৰৱৰ্তী সময়ত বৰপেটা জিলা কংগ্ৰেছ কমিটী(Barpeta District Congress Committee)ৰ সভাপতি আব্দুৰ ৰহিম খানে এখন সংবাদ মেলৰ আয়োজন কৰে । সংবাদমেলত আব্দুৰ ৰহিম খান কয় যে, ভাৰতবৰ্ষৰ কৃষকে ঐক্যৱদ্ধভাৱে কৰা আন্দোলন ইতিহাসৰ পাতত জিলিকি থাকিব ৷
লগতে পঢ়ক:new committee of assam pradesh congress : কিয় গঠন হোৱা নাই প্ৰদেশ কংগ্ৰেছৰ নতুন সমিতি ?