অসম

assam

ETV Bharat / state

পথ সুৰক্ষাৰ বাবে পাঠশালা জিলা প্ৰশাসন আৰু পৰিবহন বিভাগৰ তৎপৰতা

পাঠশালাত জিলা প্ৰশাসন আৰু পৰিবহন বিভাগৰ তৎপৰতা ৷ পথ সুৰক্ষাৰ বাবে বৰপেটা প্ৰশাসনৰ বিশেষ ব্যৱস্থা ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথক সংলগ্ন কৰি চাৰ্ভিছ ৰোড নিৰ্মাণ ৷ পথত থকা অপ্ৰয়োজনীয় ডিভাইডাৰ সমূহ বন্ধ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত গতিৰোধক স্থাপন ৷

barpeta district administration takes special initiative for road safety
পথ সুৰক্ষাৰ বাবে পাঠশালা জিলা প্ৰশাসন আৰু পৰিবহন বিভাগৰ তৎপৰতা

By

Published : Dec 28, 2020, 12:47 PM IST

পাটাছাৰকুচি, 28 ডিচেম্বৰ:31 নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনে সংঘটিত পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি পাঠশালাত বৰপেটা জিলা প্ৰশাসন আৰু পৰিবহন বিভাগে বিশেষ পদক্ষেপ হাতত লৈছে ৷ সেই অনুসৰি প্ৰশাসনে নগৰবাসীৰ বাবে চাৰ্ভিছ ৰোড সংযোজন কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত গতিৰোধকৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে ৷

31 নং ৰাষ্ট্ৰীয় ঘাইপথক সংলগ্ন কৰি চাৰ্ভিছ ৰোড নিৰ্মাণ

জানিব পৰা মতে 2005 বৰ্ষতে তামিলনাডুৰ KMC নামৰ কোম্পানীটোৱে বজালীত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 27.2 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম হাতত লৈ আজি পৰ্যন্ত কাম সম্পূৰ্ণ কৰা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত বিগত সময়ছোৱাত বহু লোকে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি ল'ব লগীয়া হৈছে ৷

KMC নামৰ কোম্পানীটোৰ কামত হেমাহি কৰাৰ ফলতে বাধ্য হৈ প্ৰতিষ্ঠানটোক নাকী লগাই এতিয়া জিলা প্ৰশাসনে নগৰবাসীৰ সুবিধাৰ্থে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন কৰি চাৰ্ভিছ ৰোড নিৰ্মাণ কৰাৰ লগতে ঘাইপথটোত থকা অপ্ৰয়োজনীয় ডিভাইডাৰ সমূহ বন্ধ কৰি দিছে ৷

জানিব পৰা মতে বৰ্তমানলৈকে পাঠশালাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথক সংলগ্ন কৰি 3 কিলোমিটাৰ চাৰ্ভিছ ৰোড নিৰ্মাণ কৰি থকা হৈছে ৷
লগতে পঢ়ক:বিজেপি চৰকাৰ দুষ্ট আৰু ভ্ৰষ্টাচাৰীৰ চৰকাৰ: পৃথিৰাজ প্ৰভাকৰ সাথ

For All Latest Updates

ABOUT THE AUTHOR

...view details