অসম

assam

ETV Bharat / state

কৰ’ণা ভাইৰাছক লৈ বৰপেটা জিলা প্ৰশাসনৰ তৎপৰতা - বৰপেটা মেডিকেল কলেজ

বিশ্বব্যাপি কৰ’ণা ভাইৰাছক লৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বৰপেটাত জিলা প্ৰশাসনৰ বিশেষ সতৰ্কতা ৷ সাজু কৰা হৈছে ৰেপিড ৰেছপোনছ টীমৰ লগতে চলোৱা হৈছে চাফাই অভিযান ৷

BARPETA DISTRICT ADMINISTRATION FOR CORONA
কৰ’ণা ভাইৰাছক লৈ বৰপেটা জিলা প্ৰশাসনৰ তৎপৰতা

By

Published : Mar 15, 2020, 12:26 PM IST

বৰপেটা, 15 মাৰ্চ: বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা প্ৰতিৰোধ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা ৷ এই ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে জিলাখনৰ সকলো বজাৰ অঞ্চলত চাফাই অভিযান আৰম্ভ কৰিছে বৰপেটা জিলা প্ৰশাসনে । বৰপেটা বৰ বজাৰৰ সকলো মাছ, মাংসৰ দোকান সমূহতো চাফাই অভিযান চলাইছে জিলা প্ৰশাসনে ৷

বৰপেটাৰ লগতে বৰপেটা ৰোড চহৰ, সৰ্থেবাৰী আদি চহৰতো এই পৰিষ্কাৰ অভিযান চলোৱা হৈছে ৷ ইপিনে বৰপেটা জিলা স্বাস্থ্য বিভাগে ৰেপিড ৰেছপোনছ টীম গঠন কৰি কৰ’ণা সম্পৰ্কীয় যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ সাজু হৈ পৰিছে ।

কৰ’ণা ভাইৰাছক লৈ বৰপেটা জিলা প্ৰশাসনৰ তৎপৰতা

ইতিমধ্যে বৰপেটা মেডিকেল কলেজ হাস্পতাল আৰু কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত দুটা সুকীয়া ৱাৰ্ড আৰু অন্যান্য চিকিৎসালয় সমূহ লৈ মুঠ 100 খন বিছনা সাজু কৰি তোলা হৈছে । বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু কলগাছিয়াৰ বৰপেটা জিলা অসামৰিক চিকিৎসালয়ত দুখন এম্বুলেন্স সাজু কৰি ৰখা হৈছে যাতে এনে ৰোগৰ সম্ভাৱনাৰ খবৰ পোৱা মাত্ৰকে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিব পাৰে ৷

আনহাতে জিলা উপায়ুক্তৰ নিৰ্দেশ ক্ৰমে জিলাখনৰ হোটেল অতিথিশালা আদিত বিদেশী পৰ্যটকৰ আগমণৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলিও জিলা প্ৰশাসনে জানিবলৈ দিছে ৷ সকলোকে চাফ-চিকুনতা অৱলম্বনৰ উপৰি পৰাপক্ষত জনসমাগম এৰাই চলাৰ বাবে পৰামৰ্শ আগবঢ়াইছে প্ৰশাসনে ৷

ABOUT THE AUTHOR

...view details