বৰপেটা, 7 ডিচেম্বৰ : বৰপেটা জিলাৰ সকলো সুৰা বিপণীলৈ এক গুৰুত্বৰূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে জিলা উপায়ুক্তই ৷ সুৰা বিক্ৰীৰ পূৰ্বে গ্ৰাহকৰ ক’ভিড টীকাকৰণৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰিব লাগিব বিপণীসমূহে ৷ ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ দেখুৱাবলৈ অসমৰ্থ সকলৰ ওচৰত বিলাতী সুৰা, দেশীয় সুৰা, বিয়েৰ আদি বিক্ৰী কৰিব নোৱাৰিব বিপণীসমূহে ৷ কেৱল ক’ভিড ভেকচিনৰ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰা সকলেহে ক্ৰয় কৰিব পাৰিব সুৰা(Vaccination certificate mandatory for buying liquor in barpeta) ৷
ভেকচিন গ্ৰহণ নকৰা অথবা প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ সকলৰ ওচৰত সুৰা বিক্ৰী কৰাৰ পৰা বিৰত থাকিব লাগিব বিপণীসমূহে ৷ বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে(Barpeta DC Tej Prasad Bhusal) শেহতীয়াকৈ জাৰি কৰিছে এই নিৰ্দেশনা ৷ সুৰা বিক্ৰীৰ তথ্যৰ লগতে নিৰ্দেশনাৰ ফলাফল আদি লিপিবদ্ধ কৰি ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে সুৰা বিপণীসমূহক ৷