বৰপেটা, 7 মে' : বৃহস্পতিবাৰে শিক্ষাৰত্ন কলাগুৰু বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক-সাংবাদিক অক্ষয় কুমাৰ মিশ্ৰৰ ঘৰত উপস্থিত হয় বৰপেটাৰ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা ৷ উপায়ুক্ত গৰাকীয়ে সাহিত্যিক গৰাকীৰ সৈতে মত বিনিময় কৰাৰ লগতে স্বাস্থ্যৰ বুজ লয় ৷
ইয়াৰ উপৰিও উপায়ুক্ত গৰাকীয়ে শিক্ষাবিদ অৰ্জুন চন্দ্ৰ দাস, সংগীত শিল্পী সত্যকৃষ্ণ মিশ্ৰ আৰু সাহিত্যিক নিৰূপমা মিশ্ৰৰ ঘৰতো উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় ৷
লক্ ডাউনৰ সময়ছোৱাত নিজ গৃহত আৱদ্ধ জীৱন কটাই থকা বয়োজ্যেষ্ঠ সাহিত্যিক, শিক্ষাবিদ, শিল্পী, সাংবাদিক কেইগৰাকীৰ সু-স্বাস্থ্য কামনা কৰে উপায়ুক্ত গৰাকীয়ে ৷