জনীয়া,30 মে’:বৰপেটা জিলাৰ নৱনিযুক্ত উপায়ুক্ত তেজ প্ৰসাদ ভূষালে শনিবাৰে নিশা ১০ বজাত কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ বুজ লয় ।
উল্লেখযোগ্য যে, বৰ্তমান জিলাখনৰ ক’ভিড পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও এতিয়াও দিনে-নিশাই এই মহামাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ উপায়ুক্ত গৰাকীয়ে চিকিৎসক, নাৰ্চ, অন্যান্য চিকিৎসা কৰ্মীসকলক আহ্বান জনায় । ইয়াৰ লগতে তেওঁ সাংবাদিকসকলক দায়বদ্ধ অংশগ্ৰহণৰ আহ্বান জনায় ৷