জনীয়া, ২৬ ডিচেম্বৰ :পুনৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'বলগা হ'ল এগৰাকী অসহায় মহিলা । এইবাৰ ডি ভোটাৰ হোৱা বাবে চৰকাৰী আৱাস যোজনাৰ পৰা বঞ্চিত হ'বলগা হয় এগৰাকী মহিলা । ঘটনাটো সংঘটিত হৈছে বৰপেটা জিলাৰ বাংকাভখঙ্গা গাঁৱত । ডি ভোটাৰ হোৱাৰ বাবেই উক্ত গাঁওখনৰ ৰাবিয়া খাতুন নামৰ মহিলাগৰাকী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত হয় (Barpeta D voter woman deprived from PMAY) ।
আনকি তালিকাত নাম থকাৰ পিছতো খণ্ড সদস্যই তেওঁৰ নথি-পত্ৰ জমা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Barpeta woman deprived from PMAY house) । এই কথা প্ৰকাশ হোৱাৰ পিছতে মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় ডি ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খান (D voter fprum secy Faruk Khan) । ফাৰুক খানে এই সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।
উল্লেখ্য, বৰপেটা জিলাৰ কলগাছিয়া ৰূপসী খণ্ড উন্নয়নৰ অন্তৰ্গত তিতাপানী গাঁও পঞ্চায়তৰ ১০ নং খণ্ডৰ বাংকাভখঙ্গা গাঁৱৰ বাসিন্দা হৈছে ৰাবিয়া খাতুন । এইগৰাকী মহিলায়ে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana) গৃহৰ পৰা বঞ্চিত হ'বলগা হৈছে । উল্লেখ্য যে ৰাবিয়া খাতুন কেৱল চৰকাৰী গৃহৰ পৰায়ে বঞ্চিত হোৱা নাই, ডি ভোটাৰ হোৱাৰ বাবে স্বামীৰ ঘৰৰ পৰাও তেওঁক খেদি পঠিওৱাত উপায়ন্তৰ হৈ এটা সন্তানৰ মাতৃ ৰাবিয়া খাতুন নামৰ মহিলাগৰাকীয়ে পিতৃৰ গৃহত থাকিবলৈ লয় ।
ইফালে ৰাবিয়া খাতুনৰ নামত এটা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহিছিল যদিও তাৰ পৰাও তেওঁ বঞ্চিত হ'বলগীয়া হয় বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে । ৰাবিয়া খাতুনে লগতে উল্লেখ কৰে যে গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি যিকোনো প্ৰমাণ-পত্ৰৰ প্ৰয়োজন হ'লে সকলো ক্ষেত্ৰতে বঞ্চিত হ'বলগীয়া হয় । কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে, অতি দৰিদ্ৰ মহিলা ৰাবিয়া খাতুনে ইয়াৰ উচিত ন্যায় পাবনে ?