বৰপেটা,25 এপ্ৰিল: সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাতো বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ ৷ জিলাখনৰ স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি, জিলাখনত শেহতীয়াকৈ অৰ্থাৎ শনিবাৰে ক’ভিডত আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰাৰ উপক্ৰম হৈছে । শনিবাৰৰ দিনটোত বৰপেটাত নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ৮৪ গৰাকীকৈ লোক ৷ ফলত জিলাখনত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৩৯৭ গৰাকীলৈ বৃদ্ধি পায় ।
বৰপেটাত নতুনকৈ কৰ’ণাত আক্ৰান্ত ৮৪ গৰাকীকৈ লোক - শনিবাৰৰ দিনটোত বৰপেটাত নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ৮৪ গৰাকীকৈ লোক
বৰপেটা জিলাত প্ৰতিদিনে বৃদ্ধি হৈছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ শনিবাৰৰ দিনটোত বৰপেটাত নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ৮৪ গৰাকীকৈ লোক ৷
বৰপেটাত নতুনকৈ কৰ’ণাত আক্ৰান্ত ৮৪ গৰাকীকৈ লোক
শনিবাৰে বৰপেটাত মুঠ ৩,৬৩০ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল ৷ ইয়াৰে ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল ৩,৩১৯ গৰাকী লোকৰ আৰু RTPCR কৰা হৈছিল ৩১১ গৰাকী লোকৰ ৷ আনহাতে, বৰপেটাত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ৪৪৮ গৰাকী । ইয়াৰে ৪৭ গৰাকী ইতিমধ্যে কৰ’ণামুক্ত হৈছে আৰু ৩ গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷