বৰপেটা,৫ জুন: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটা জিলাত অব্যাহত আছে ক'ভিড-১৯ ৰ বিভীষিকা । জিলাখনত বৰ্তমানলৈকে ৬,১৭১ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । আনহাতে, ৯৬ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । শুকুৰবাৰৰ দিনটোত নতুনকৈ ১০৭ জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।
বৰপেটাত ক'ভিড আক্ৰান্তৰ সংখ্যা ৬,১৭১ জনলৈ বৃদ্ধি - ক'ভিড
বৰপেটা জিলাত বৰ্তমানলৈকে ৬,১৭১ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । শুকুৰবাৰৰ দিনটোত নতুনকৈ ১০৭ জন লোক মহামাৰীৰ কবলত পৰিছে ।
বৰপেটাত ক'ভিড আক্ৰান্তৰ সংখ্যা ৬১৭১ জনলৈ বৃদ্ধি
শুকুৰবাৰৰ দিনটোত জিলাখনৰ ক'ভিড আক্ৰান্তৰ হাৰ ১.৮৫ শতাংশ । অৱশ্যে শুকুৰবাৰে বৰপেটা জিলাত কোনো ক'ভিড ৰোগীৰ মৃত্যু হোৱা নাই আৰু ১৮৭ জন ৰোগী সুস্থ হৈ উঠিছে ৷ এতিয়ালৈকে বৰপেটাত ৪,০৬৮ জন ৰোগীয়ে আৰোগ্য হৈ উঠিছে । বৰ্তমান বৰপেটাৰ হাস্পতালবোৰত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ১,৯৬১ গৰাকী ৷ শুকুৰবাৰে জিলাখনত ৫,৭৫৫ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হয় ৷
লগতে পঢ়ক: আগৰতলাৰ কণমানি বৰ্ষাৰ ইচ্ছা পূৰণ কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে