অসম

assam

ETV Bharat / state

মৃত সন্তানৰ পৰিৱৰ্তে পালে জীৱিত সন্তান: চিনেমাৰ কাহিনী যেন লগা এটা সঁচা ঘটনা - Negligence of Barpeta Medical College Hospital

বৰপেটা আদালতৰ বৃহৎ ৰায় ৷ মৃত সন্তানৰ পৰিৱৰ্তে ৩ বছৰ পিচত আদালতে ওভতাই দিলে জীৱিত সন্তানক ৷ বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই ৩ বছৰ পূৰ্বে সন্তান সলনি হোৱা এক ঘটনাৰ ৰহস্য ফাদিল কৰিলে আদালতে (Barpeta court allows to return child exchange by mistake in hospital) ৷

barpeta-court-allows-to-return-child-exchange-by-mistake-in-hospital
মৃত সন্তানৰ পৰিৱৰ্তে ৩ বছৰ পিচত আদালতে ওভোতাই দিলে জীৱিত সন্তান

By

Published : Jun 10, 2022, 12:35 PM IST

বৰপেটা, ১০ জুন:বৰপেটা মেডিকেল কলেজ হাস্পতাল (Barpeta Medical College Hospital) কৰ্তৃপক্ষৰ ভুলৰ বাবেই এক অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ'ল এটি কণমানি শিশু ৷ হাস্পতালৰ ভুলৰ বাবেই জন্মৰ পিছৰ পৰা ৩ বছৰে যাৰ কোলাত ডাঙৰ দীঘল হ'ল সেই শিশুটোৱে আজি সেই পিতৃ-মাতৃৰ পৰিৱৰ্তে আন এক অচিনাকি তথা প্ৰকৃত পিতৃ-মাতৃৰ সৈতে যাবলৈ বাধ্য হৈ পৰিল ৷ চাওঁ আহক চিনেমাৰ কাহিনী যেন লগা এটা সঁচা ঘটনাটোৰ আঁৰৰ কাহিনী ৷

হাস্পতালত ভৰ্তি হোৱা দুই গৰ্ভৱতী মহিলাৰ নামৰ সাদৃশ্যৰ বাবেই এগৰাকী মাতৃয়ে জন্মৰ 3 বছৰ পিচতহে দেখিলে নিজ সন্তানৰ মুখ ৷ বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এক ৰায় যোগে এগৰাকী মহিলাক জন্মৰ ৩ বছৰ পিছত মৃত সন্তানৰ পৰিৱৰ্তে ওভোতাই দিলে পুত্ৰ সন্তান ৷ ঘটনাৰ আৰম্ভণি 2019 চনৰ 3 মে'ত ৷ নাজমা খানমা নামৰ বৰপেটাৰ এগৰাকী গৰ্ভৱতী মহিলাই বৰপেটা মেডিকেল কলেজ হাস্পতালত জন্ম দিছিল এটি পুত্ৰ সন্তান ৷

মৃত সন্তানৰ পৰিৱৰ্তে ৩ বছৰ পিচত আদালতে ওভোতাই দিলে জীৱিত সন্তান

সন্তানটোৰ জন্মৰ পিচতে প্ৰসূতিগৰাকীক ICUত ভৰ্তি কৰিবলগা হোৱাত নৱজাতক শিশুটোক ৰখা হৈছিল শিশুসকলক ৰখা কোঠাত ৷ সুস্থ অৱস্থাত জন্ম পোৱা শিশুটো শিশুসকলক ৰখা কোঠাত থকাৰ পিচতে হাস্পতাল কৰ্তৃপক্ষই পিচদিনাখন শিশুটোৰ মৃত্যু হোৱা বুলি জনায় পিতৃক ৷ ইয়াৰ পিচতে বলপূৰ্বকভাৱে পিতৃৰ হাতত শিশুটোৰ মৃতদেহ গটাই দিয়ে হাস্পতালৰ কৰ্তপক্ষই ৷

কিন্তু দম্পতিহালে সুস্থ অৱস্থাত থকা তেওঁলোকৰ পুত্ৰ সন্তানটো কোনোপধ্যে মৃত্যু হ’ব নোৱাৰে বুলি হাস্পতাল কৰ্তৃপক্ষক পতিয়ন নিয়াব বিচাৰে যদিও হাস্পতাল কৰ্তৃপক্ষই গুৰুত্ব নিদিলে দম্পতিহালৰ কথাত ৷ ইয়াৰ পিচতে দম্পতিহালে বৰপেটা সদৰ থানাত (Barpeta Police Station) ঘটনাটোক লৈ গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰে ৷ অৱশেষত ৩ বছৰৰ পিচত বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে DNA পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি নাজমা খানম নামৰ মাতৃগৰাকীৰ হাতত তুলি দিলে গোসাইগাঁৱত আন এগৰাকী মাতৃৰ কোলাত ডাঙৰ দীঘল হোৱা 3 বছৰীয়া সন্তানটো ৷

ইপিনে আদালতত উন্মোচিত হ'ল ঘটনাৰ প্ৰকৃত ৰহস্য ৷ আদালতে জনালে দুগৰাকী মাতৃৰ নামৰ সাদৃশ্যৰ বাবেই এনেদৰে এটা সন্তানে নিজ মাতৃৰ বুকুৰ উমৰ পৰা বঞ্চিত হ’বলগা হ'ল ৷ ঘটনা অনুসৰি বৰপেটা মেডিকেল কলেজ হাস্পতালত নাজমা খানমে সন্তান জন্ম দিয়াৰ কেইমিনিটমান পিচতেই বঙাইগাঁও জিলাৰ গোসাইগাঁৱৰ নাজমা খাটুন নামৰ এগৰাকী প্ৰসূতিৰ অসুস্থ নৱজাতক এটা ভৰ্তি কৰিছিল হাস্পতালখনত ৷ শিশুটোক ভৰ্তি কৰাৰ পিচত পিচদিনা নাজমা খাটুনৰ অসুস্থ শিশুটোৰ মৃত্যু হয় ৷

মৃত সন্তানৰ পৰিৱৰ্তে ৩ বছৰ পিচত আদালতে ওভোতাই দিলে জীৱিমৃত সন্তানৰ পৰিৱৰ্তে ৩ বছৰ পিচত আদালতে ওভোতাই দিলে জীৱিত সন্তানত সন্তান

কিন্তু দুগৰাকী প্ৰসূতিৰ নামৰ সাদৃশ্যৰ বাবে হাস্পতালৰ নাৰ্চ আৰু কৰ্মচাৰীৰ ভুলৰ (Negligence of Barpeta Medical College Hospital) বাবে নাজমা খাটুনৰ পৰিৱৰ্তে নাজমা খানমৰ হাতত তুলি দিয়ে মৃত সন্তানটো ৷ আনহাতে নাজমা খাটুনৰ শিশুটো মৃত্যু হয় যদিও তেওঁক নাজমা খানমৰ জীৱিত সন্তানটো তুলি দিয়ে (Barpeta court allows to return child exchange by mistake in hospital) ৷ এনেদৰেই বৰপেটা আৰক্ষীৰ তদন্ত আৰু DNA পৰীক্ষাৰ প্ৰতিবেদন মতে, নাজমা খানমক আদালতে নিজ সন্তানটো তুলি দিয়া মাতৃৰ নামৰ সাদৃশ্যৰ বাবেই দুটা পৰিয়ালৰ মাজত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ ৷

ইপিনে আদালতৰ ৰায়ে নাজমা খানম আৰু পিতৃক আনন্দিত কৰি তোলাৰ পৰিৱৰ্তে আনটো পৰিয়ালে বহন কৰিবলগীয়া হয় অসহনীয় দুখ আৰু বেদনাৰ বোজা ৷ যাৰবাবে তিনিবছৰে নিজ পুত্ৰ বুলি ডাঙৰ দীঘল কৰা সন্তানতো হেৰুৱাই কান্দোনত ভাগি পৰিছে এইগৰাকী পিতৃ ৷

লগতে পঢ়ক :একাদশৰ পৰা দ্বাদশলৈ: সকলো শিক্ষাৰ্থীক উত্তীৰ্ণৰ নিৰ্দেশ AHSECৰ

ABOUT THE AUTHOR

...view details