বেকী নৈৰ নাও দুৰ্ঘটনাত সন্ধানহীন লোকৰ বাসগৃহত সাংসদ আব্দুল খালেক
পবিত্ৰ ঈদৰ দিনা বেঁকী নৈত নাও দুঘৰ্টনাগ্ৰস্ত হৈ সন্ধানহীন হৈছিল পাঁচজন লোক ৷
জনীয়া, 17 আগষ্ট:অৱশেষত ঈদৰ দিনা বেঁকী নৈত নাও দুৰ্ঘটনা হৈ সন্ধানহীন হোৱা দুৰ্ভগীয়া লোককেইজনৰ পৰিয়ালৰ কাষত উপস্থিত হল বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক ৷ যোৱা 12 আগষ্টত ঈদৰ দিনা বিয়লি 4 বজাত বেকী নৈৰে কালামপুৰ গাওঁৰ পৰা কালামপুৰ চৰত গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন নাও ৷ যাত্ৰা পথত প্ৰচণ্ড ধুমুহাৰ ফলত ডুব গৈছিল 11 জন যাত্ৰী কঢ়িয়াই নিয়া এখন টুলুঙা নাও ৷ তাৰে 6 জনে কোনো মতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও সন্ধানহীন আন 5 জন লোক ৷ এই হৃদয় বিদাৰক ঘটনাৰ পাছত আজি সন্ধানহীন লোককেইজনৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ পৰিয়াল শান্তনা দিয়ে স্থানীয় সাংসদ আব্দুল খালেকে ৷ লগতে প্ৰশাসনৰ লগত আলোচনাৰ মাধ্যমেৰে কেনেদৰে সহায় কৰিব পৰা যায় তাৰও ব্যৱস্থা লব বুলি পৰিয়ালৰ লোকক প্ৰতিশ্ৰুতি প্ৰদান কৰে সাংসদ গৰাকীয়ে ৷ সাংসদ খালেকে নিখোজ লোকৰ পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে কিছু আৰ্থিক সাহাৰ্য্যও প্ৰদান কৰে ৷