বৰপেটা, 2 অক্টোবৰঃ মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত পদযাত্ৰা ৷ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে সাংসদ আব্দুল খালেক, চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদকে ধৰি কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মী তথা সমৰ্থক সকলে ৷
বৰপেটা জিলা কংগ্ৰেছৰ পদযাত্ৰা - শুকুৰ আলী
মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত পদযাত্ৰা ৷ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে সাংসদ আব্দুল খালেক, চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদকে ধৰি কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মী তথা সমৰ্থক সকলে ৷
বৰপেটা জিলা কংগ্ৰেছৰ পদযাত্ৰা
এই পদযাত্ৰাত গান্ধীজী অমৰ ৰহে, ধৰ্মৰ ৰাজনীতি বন্ধ কৰক, হিংসাৰ ৰাজনীতি বন্ধ কৰক, গান্ধীজীৰ শান্তিৰ বাণী বিলাই দিয়ক, সাম্প্ৰদায়িক ৰাজনীতি নচলিব আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ মুখৰিত কৰি তোলে । এই পদযাত্ৰা কোনো নিৰ্বাচন কেন্দ্ৰিক নহয় বুলি মন্তব্য প্ৰদান কৰে ছেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলীয়ে ৷ লগতে সাংসদ আব্দুল খালেকে কয় যে ধৰ্মৰ ৰাজনীতিত আজি সমগ্ৰ দেশ অস্থিৰ হৈ থকা সময়ত কংগ্ৰেছে গান্ধীজীৰ শান্তিৰ বাৰ্তা বিলাই সাম্প্ৰদায়িক অপশক্তিক মষিমূৰ কৰাৰ প্ৰয়াস কৰিছে ৷
Last Updated : Oct 3, 2019, 8:51 AM IST