বৰপেটা ৩১ অক্টোৱৰঃআজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিৱস আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু দিৱস। বৰপেটাত কংগ্ৰেছ দলৰ উদ্যোগত কিষাণ অধিকাৰ দিৱস আৰু সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে ৷ বৰপেটা জিলাৰ ৰাজীৱ ভৱনত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ দুঘন্টীয়া সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে ৷
বৰপেটাত কংগ্ৰেছৰ উদ্যোগত কিষাণ অধিকাৰ দিৱস উদযাপন - কৃষক বিৰোধী আইন কেইখন
সত্যাহগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰি কংগ্ৰেছ কৰ্মী সকলে কয় যে,বিজেপি চৰকাৰে বলবৎ কৰা কৃষক বিৰোধী আইন তিনিখন কোনো কাৰণতে মানি লোৱা নহ’ব। কেন্দ্রত কংগ্ৰেছ চৰকাৰ আহিলেই কৃষক বিৰোধী আইন কেইখন বাতিল কৰিব বুলি প্ৰকাশ কৰে দলটোৱে।

ইপিনে সত্যাহগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰি কংগ্ৰেছ কৰ্মী সকলে কয় যে,বিজেপি চৰকাৰে বলবৎ কৰা কৃষক বিৰোধী আইন তিনিখন কোনো কাৰণতে মানি লোৱা নহ’ব। কেন্দ্রত কংগ্ৰেছ চৰকাৰ আহিলেই কৃষক বিৰোধী আইনখন বাতিল কৰিব বুলি প্ৰকাশ কৰে দলটোৱে।
আনহাতে,সম্প্রতি কংগ্ৰেছ শাসিত ৰাজ্য সমূহত কেন্দ্রীয় চৰকাৰে বলবৎ কৰা কৃষক বিৰোধী আইন তিনিখন বলবৎ কৰিবলৈ দিয়া নহ’ব বুলিও হুংকাৰ দিয়ে কংগ্ৰেছ কৰ্মী সকলে। আজিৰ এই কৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা,জ্যেষ্ঠ কংগ্ৰেছ নেতা কায়েমউদ্দিন,মহিলা কংগ্ৰেছৰ সভানেত্ৰী আঞ্জুৱাৰা বেগম,জিলা মুখপাত্ৰ বলভদ্ৰ দাস,সাধাৰণ সম্পাদক (প্ৰশাসন) ৱাজেদ আলী আনচাৰী লগতে অন্যান্য নেতা কৰ্মীসকল উপস্থিত থাকে ৷
লগতে পঢ়কঃ বিলাসীপাৰাত চোৰাং কাঠ সৰবৰাহকাৰী গ্ৰেপ্তাৰ