জনিয়া, 13 ডিচেম্বৰ :ভাৰতীয় নাগৰিক হোৱাৰ পাচতো বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ দিব লগা হৈছে বহুলোকে ৷ 2019 চনত NRC ৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পূৰ্বে বহু লোকে দাখিল কৰিবলগীয়া হৈছিল ভাৰতীয় নাগৰিকত্বৰ উপযুক্ত প্ৰমাণপত্ৰ ৷ আনকি বহু সময়ত এন আৰ চি-ৰ সেৱা কেন্দ্ৰত প্ৰ-পত্ৰ জমা দিয়াৰ নামত বহু লোকে জ্বলা-কলা খাবলগীয়া হৈছিল ৷ ইয়াৰোপৰি বহু লোকক উপযুক্ত প্ৰমাণপত্ৰৰ ভিত্তিতে জন্মসূত্ৰে ভাৰতীয় বুলি স্বীকৃতি দি হৈছিল ৷ কিন্তু তাৰপিছতো বাৰে বাৰে নিজকে ভাৰতীয় বুলি দাবী কৰিবলগা হৈছিল বহু লোকে ৷
উল্লেখ্য যে, বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে বিদেশী ন্যায়াধীকৰণ প্ৰতিষ্ঠা কৰি প্ৰকৃত ভাৰতীয় নাগৰিক বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ অসমৰ বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ কিন্তু ভাৰতীয় বুলি স্বীকৃতি পোৱাৰ পাচতো বৰপেটাৰ এঘৰলৈ বাৰে বাৰে আহিছে বিদেশী ন্যায়াধীকৰণৰ জাননী ৷
আনকি এন আৰ চিৰ সময়তো একে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল হাউলীৰ এই পৰিয়ালটো ৷ আনকি 2016 চনত ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি পোৱাৰ পাচতো বিদেশীৰ সন্দেহত বাৰে বাৰে আহিছে আদালতৰ জাননী ৷ শেহতীয়াকৈ পুনৰ হাউলী থানাৰ অন্তৰ্গত হালাপাকৰী গাঁৱৰ নবিৰণ নেচা, স্বামী হামেদ আলীক বিগত 26 নৱেম্বৰত বিদেশীৰ সন্দেহত সীমান্ত আৰক্ষীয়ে জাৰি কৰিছে জাননী ৷ যাৰ বাবে একপ্ৰকাৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে পৰিয়ালটো ৷