বৰপেটা, 26 নৱেম্বৰঃ বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ এখন গাঁৱৰ ৰাইজে আজি পৰ্যন্ত দেখা নাই উন্নয়নৰ মুখ ৷ অতি দুৰ্গম যাতায়ত ব্যৱস্থাৰ বাবে চেঙা মুছলমান গাঁৱৰ চাউলখোৱা পাৰৰ ৰাইজে সাঁকোৰ ওপৰেৰে এগৰাকী বৃদ্ধাক চিকিৎসাৰ বাবে নিবলগীয়া হৈছে ৰাইজে ৷ গাঁৱখনৰ সৈতে যোগাযোগ স্থাপনৰ বাবে পকী দলঙৰ অভাৱৰ বাবে বিপদৰ সময়ত উপস্থিত হ’ব নোৱাৰে এম্বুলেঞ্চ সেৱা ৷ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যোৱাৰ বাবেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ৷ আনহাতে যাতায়াতৰ একমাত্ৰ সমল এই সাঁকোখনো ৰাইজে নিজৰ গাঁথিৰ ধন ভাঙি সাজি উলিয়াইছিল ৷
উন্নয়নৰ পোহৰ নপৰা বৰপেটাৰ এখন গাঁও - উন্নয়নৰ পোহৰ নপৰা বৰপেটাৰ এখন গাঁও
অতি দুৰ্গম যাতায়ত ব্যৱস্থাৰ বাবে চেঙা মুছলমান গাঁৱৰ চাউলখোৱা পাৰৰ ৰাইজে সাঁকোৰ ওপৰেৰে এগৰাকী বৃদ্ধাক চিকিৎসাৰ বাবে নিবলগীয়া হৈছে ৰাইজে ৷ গাঁৱখনৰ সৈতে যোগাযোগ স্থাপনৰ বাবে পকী দলঙৰ অভাৱৰ বাবে বিপদৰ সময়ত উপস্থিত হ’ব নোৱাৰে এম্বুলেঞ্চ সেৱা ৷
উন্নয়নৰ পোহৰ নপৰা বৰপেটাৰ এখন গাঁও
উল্লেখ্য যে,বাৰম্বাৰ অৱগত কৰাৰ পিছতো ৰাইজৰ এইসমূহ বিপদক আঁওকাণ কৰাৰ বাবে বিধায়ক শুকুৰ আলী আহমেদৰ ওপৰত ক্ষোভ স্থানীয় লোকৰ ৷ সেয়েহে চাউলখোৱা পাৰৰ ৰাইজে এখন পকী দলঙৰ বাবে আহ্বান জনাইছে চৰকাৰক ৷