অসম

assam

ETV Bharat / state

বৰপেটাত ৰাষ্ট্ৰীয় পৰিপুষ্টি মাহ পালন - পৰিপুষ্টি মাহ

এই বাটৰ নাটত শিশু,কিশোৰ আৰু মহিলা সকলক অপুষ্টিহীনতাৰ পৰা মুক্ত কৰি সুস্থ আৰু সবল কৰাৰ লক্ষ্যৰে উপস্থিত সকলোকে শপত বাক্য পাঠ কৰোৱা হয়।

বৰপেটাত ৰাষ্ট্ৰীয় পৰিপুষ্টি মাহ পালন

By

Published : Sep 5, 2019, 10:45 AM IST

বৰপেটা, 5 চেপ্তেম্বৰঃ বৃহস্পতিবাৰে কলগাছিয়া চেনিমাৰী স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত এক বাটৰ নাট আয়োজন কৰা হয়৷ ৰাষ্ট্ৰীয় পৰিপুষ্টি মাহ উপলক্ষে এই বাটৰ নাট আয়োজন কৰা হয় ৷

বৰপেটাত ৰাষ্ট্ৰীয় পৰিপুষ্টি মাহ পালন

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে মাহজোৰা বিভিন্ন কাৰ্যসূচীৰ তালিকা চূড়ান্ত কৰা হয়। এই তালিকাত আজি চিডিপিঅ অফিচৰ পৰা এক সমদল উলিওৱা হয় ৷ লগতে কলগাছিয়াৰ পৰা বাটৰ নাটৰ মাধ্যমেৰে কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টি যোগান সম্পৰ্কে আৰু বাল্য বিবাহ হ'লে কি হয় সেই বিষয়ত জনসাধাৰণক অৱগত কৰোৱা হয় ৷ 23 টা অংগনবাদী চেণ্টাৰৰ কৰ্মী,সহায়ক,নাৰ্ছ আৰু ৰাইজৰ সহযোগত জনসাধাৰণক এই বিষয় সমূহৰ বিষয়ে অৱগত কৰোৱা হয়। ইয়াৰোপৰি এই বাটৰ নাটত শিশু,কিশোৰ আৰু মহিলা সকলক অপুষ্টিহীনতাৰ পৰা মুক্ত কৰি সুস্থ আৰু সবল কৰাৰ লক্ষ্যৰে উপস্থিত সকলোকে শপত বাক্য পাঠ কৰোৱা হয়।

ABOUT THE AUTHOR

...view details