বজালী,14 ডিচেম্বৰ: বজালী মহকুমাৰ বাঘমাৰাত শনিবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী জোঁৰ সমদল ৷ বজালী আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতি, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু বৃহত্তৰ বাঘমাৰাবাসী ৰাইজৰ যৌথ প্ৰচেষ্টাত এই প্ৰতিবাদী সমদল উলিওৱা হয় ৷ প্ৰতিবাদৰ সময়ত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ কৰি জোঁৰ সমদলত অংশ গ্ৰহণ কৰে বাঘমাৰাৰ ব্যৱসায়ী সকলে ৷ বাঘমাৰাৰ পৰা সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰা এই প্ৰতিবাদী সমদল শুকিলাপাৰ,কলবাৰী,কঠালমুৰী হৈ পুনৰ বাঘমাৰাত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলে একেমুখে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ বাঘমাৰা অঞ্চলৰ আকাশ বতাহ ৷
বজালীৰ বাঘমাৰাত বৃহৎ প্ৰতিবাদী জোঁৰ সমদল - CAA PROTEST at Barpeta
বাঘমৰাত শনিবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী জোঁৰ সমদল ৷ বজালী আছু আৰু বজালী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত উলিওৱা জোঁৰ সমদলটোত বহু দলংসগঠনৰে লগতে অংশগ্ৰহণ কৰে বাঘমাৰা অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণে ৷
বজালীৰ বাঘমাৰাত বৃহৎ প্ৰতিবাদী জোঁৰ সমদল