অসম

assam

ETV Bharat / state

জৰাজীৰ্ণ দলঙেৰেই যাতায়ত চেঙাবাসীৰঃকাণসাৰ নাই স্থানীয় বিধায়কৰ - বৰবাৰাদি উন্নয়ন খণ্ড কাৰ্যালয়

ৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী ৷ কিন্তু উন্নয়নৰ প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে একাংশ জন প্ৰতিনিধিয়ে ৷ তাৰেই উদাহৰণ দেখা পোৱা গ'ল বৰপেটা জিলাৰ চেঙা সমষ্টিত ৷ সমষ্টিটোৰ শিলা-সুহা-ভোগেৰপাৰ পথৰ ওপৰত থকা এখন জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে প্ৰায় দহখনকৈ গাঁৱৰ ৰাইজক ৷

barpeta broken bridge story
জৰাজীৰ্ণ দলঙেৰেই যাতায়ত চেঙাবাসীৰঃকাণসাৰ নাই স্থানীয় বিধায়কৰ

By

Published : Nov 10, 2020, 4:57 PM IST

বৰপেটা,১০নৱেম্বৰঃৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী ৷ কিন্তু উন্নয়নৰ প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে একাংশ জন প্ৰতিনিধিয়ে ৷ তাৰেই উদাহৰণ দেখা পোৱা গ'ল বৰপেটা জিলাৰ চেঙা সমষ্টিত ৷ সমষ্টিটোৰ শিলা-সুহা-ভোগেৰপাৰ পথৰ ওপৰত থকা এখন জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে প্ৰায় দহখনকৈ গাঁৱৰ ৰাইজক ৷

জৰাজীৰ্ণ দলঙেৰেই যাতায়ত চেঙাবাসীৰঃকাণসাৰ নাই স্থানীয় বিধায়কৰ

জানিব পৰা মতে, কাঠৰ দলংখনৰ ওপৰেৰে বৰবাৰাদি উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ চেঙা সমষ্টিৰ প্ৰায় অৰ্ধ শতাধিক গাঁৱৰ লোকে দৈনিক অহা যোৱা কৰে ৷ তদুপৰি বিদ্য়ালয়ৰ শ শ ছাত্ৰ ছাত্ৰীও ভঙা দলঙেৰেই বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে ৷ তথাপিও কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক শুকুৰ আলী আহমেদৰ ৷ ৰাইজে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে বাৰম্বাৰ আবেদন জনোৱাৰ পাছতো গা নলৰিল স্থানীয় বিধায়কগৰাকীৰ ৷ ইয়াকে লৈ ক্ষুণ্ণ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ শীঘ্ৰে দলং নিৰ্মাণ নকৰিলে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে ৷

জৰাজীৰ্ণ দলঙেৰেই যাতায়ত চেঙাবাসীৰঃকাণসাৰ নাই স্থানীয় বিধায়কৰ

লগতে পঢ়কঃ কোভিড প্ৰতিষেধক : বছৰৰ শেষলৈ আহিব পাৰে ভাল খবৰ

ABOUT THE AUTHOR

...view details