অসম

assam

ETV Bharat / state

Municipal Election 2022: টিকট পায়ো নিৰ্বাচনত অৱতীৰ্ণ নহয় বিজেপি নেত্ৰী

টিকট লাভ কৰিও পৌৰসভা নিৰ্বাচন(Municipal Election 2022)ত প্ৰতিদ্বন্দিতা নকৰে বৰপেটা পৌৰসভাৰ এগৰাকী বিজেপি নেত্ৰীয়ে ৷ নেতৃত্বৰ ওপৰত তীব্ৰ অসন্তুষ্টিৰ বাবেই নেত্ৰীগৰাকীয়ে ল’লে এই সিদ্ধান্ত ৷

By

Published : Feb 14, 2022, 7:26 PM IST

Municipal Election 2022
টিকট পায়ো নিৰ্বাচনত অৱতীৰ্ণ নহয় বিজেপি নেত্ৰী

বৰপেটা, ১৪ ফেব্ৰুৱাৰী: বৰপেটা পৌৰসভাত টিকটক লৈ বিজেপি নেতৃত্বৰ মাজত কন্দল ৷ অসন্তুষ্ট বিজেপি নেত্ৰী জয়া দাস বৰুৱাই প্ৰত্যাখ্যান কৰিলে প্ৰাৰ্থীত্ব ৷ টিকট লাভ কৰিলে যদিও নেতৃত্বৰ ওপৰত হোৱা অসন্তুষ্টিৰ বাবেই বৰপেটা জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীয়ে জয়া দাস বৰুৱাই ল’লে পৌৰসভা নিৰ্বাচন(Municipal Election 2022)ত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত ৷

বৰপেটা পৌৰ সভাৰ ১৮ নং ৱাৰ্ডৰ পৰা টিকট বিছাৰিছিল মহিলা মৰ্চাৰ জিলা সভানেত্ৰীগৰাকীয়ে ৷ পিছে জয়া দাস বৰুৱাক বঞ্চিত কৰি ১৮ নং ৱাৰ্ডত টিকট দিলে কাৰ্যকৰ্তাৰ অপৰিচিত প্ৰাৰ্থীক৷ আনহাতে জয়া দাস বৰুৱাক ১৮ নং ৱাৰ্ডৰ পৰিৱৰ্তে টিকট দিলে ১৯ নং ৱাৰ্ডত৷ নেত্ৰীগৰাকীক বঞ্চিত কৰি দলীয় কাৰ্যকৰ্তাৰ অপৰিচিত প্ৰাৰ্থীক টিকট দিয়াৰ পিচতে অসন্তুষ্ট নেত্ৰীগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷

টিকট পায়ো নিৰ্বাচনত অৱতীৰ্ণ নহয় বিজেপি নেত্ৰী

১৯ নং ৱাৰ্ডৰ দলীয় কৰ্মী আৰু শুভাকাংক্ষীসকলৰ পৰামৰ্শমতেই তেও নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিবলৈ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে বিজেপি নেত্ৰীগৰাকীয়ে ৷ আনহাতে ১৮ নং ৱাৰ্ডত জয়া দাস বৰুৱাক বঞ্চিত কৰি অপৰিচিত প্ৰাৰ্থীক টিকট দিয়াক লৈ অসন্তুষ্ট হৈ পৰিছে বিজেপিৰ কাৰ্যকৰ্তাসকল ৷

লগতে পঢ়ক:মাজুলীত কেনেকৈ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ’ল ভুৱন গাম ?

ABOUT THE AUTHOR

...view details