অসম

assam

By

Published : Jun 17, 2021, 8:02 PM IST

ETV Bharat / state

বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাসক শেষ শ্ৰদ্ধাঞ্জলি

ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ জ্যেষ্ঠ নেতা শংকৰ চন্দ্ৰ দাস (Sankar Chandra Das)ৰ বুধবাৰে গুৱাহাটীত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৪ বছৰ ৷

barpeta-bjp-leader-death
বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাসক শেষ শ্ৰদ্ধাঞ্জলি

বৰপেটাৰোড 17 জুন : ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ জ্যেষ্ঠ নেতা শংকৰ চন্দ্ৰ দাস (Sankar Chandra Das)ক বৃহস্পতিবাৰে বৰপেটাৰ সৰভোগত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ তেখেতৰ মৃত্যুত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal), বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Ranjit Kumar Das), সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিটিআৰৰ ই এম গৌতম দাস, মঙলদৈৰ সাংসদ দিলীপ শইকীয়াসহ ভালেমান নেতাৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷ ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ জ্যেষ্ঠ নেতা শংকৰ চন্দ্ৰ দাস (Sankar Chandra Das)ৰ বুধবাৰে গুৱাহাটীত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৪ বছৰ ৷ বৰনগৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰাক্তন সাংবাদিক, এ পি ডি চি এলৰ প্ৰাক্তন সঞ্চালক তথা বৰপেটা জিলা বিজেপিৰ সভাপতি প্ৰয়াত দাসে যোৱা বিধানসভা নিৰ্বাচন (Legislative Assembly Election)ত সৰভোগ সমষ্টিত বিজেপি দল (BJP)ৰ প্ৰাৰ্থী হিচাবে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল ৷ কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হোৱাত তেওঁক বৰপেটা মেডিকেল কলেজ (Barpeta Medical College)ত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পাছত গুৱাহাটীৰ এখনি ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা কৰি থকা হৈছিল ৷ পৰৱৰ্তী সময়ত তেখেতৰ ক’ভিড নিগেটিভ হয় যদিও শৰীৰত অইন অনুসাংগিক ৰোগে দেখা দিয়াত অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে জ্যেষ্ঠ নেতাজনে ৷

বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাসক শেষ শ্ৰদ্ধাঞ্জলি

বৃহস্পতিবাৰে প্ৰয়াত শংকৰ চন্দ্ৰ দাস (Sankar Chandra Das)ক সৰভোগত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি (BJP State President) তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjit Kumar Das) কয় বিভিন্ন সামাজিক কামকাজত জড়িত থকা তথা বিজেপিৰ প্ৰশিক্ষণ প্ৰভাৰী প্ৰয়াত শংকৰ চন্দ্ৰ দাস (Sankar Chandra Das) এজন ব্যক্তি নহয় এটা অনুষ্ঠানহে আছিল ৷ আনহাতে প্ৰয়াত শংকৰ চন্দ্ৰ দাস (Sankar Chandra Das)ৰ স্মৃতি যুগমীয়াকৈ ৰখাৰ বাবে চৰকাৰে পদক্ষেপ ল’ব বুলিও কয় সাংসদ দিলীপ শইকীয়াই ৷ নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলী জনায় বিটিআৰৰ ই এম গৌতম দাসসহ অজস্ৰ গুণমুগ্ধই ৷ মৃত্যুৰ সময়ত তেখেতে পত্নী প্ৰণতি দাস, পুত্ৰ ভাস্কৰজ্যোতি দাস সহিতে বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় ৷

লগতে পঢ়ক :বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ মৃত্যু

ABOUT THE AUTHOR

...view details