অসম

assam

ETV Bharat / state

বিহাৰ নিৰ্বাচনৰ ফলাফল: উৎফুল্লিত বিজেপি

বিহাৰ নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ বিজেপি নেতা-কৰ্মীসমূহ ৷ এই ফলাফলক কেন্দ্ৰ কৰি বৰপেটাৰোডত বিজেপিৰ কৰ্মকৰ্তাসকলে ফটকা ফুটাই আনন্দোৎসৱ পালন কৰা দেখা যায় ৷

By

Published : Nov 11, 2020, 3:57 PM IST

barpeta BJP celebrated victory of bjp in bihar election assam etv bharat news
উৎফুল্লিত বিজেপি কৰ্মী

বৰপেটাৰোড,11 নৱেম্বৰ: মঙলবাৰে ঘোষণা কৰা হৈছে বিহাৰ নিৰ্বাচনৰ ফলাফল ৷ ফলাফল অনুসৰি পুনৰবাৰ বিজেপি মিত্ৰজোঁটে বিহাৰ বিধানসভা দখল কৰে ৷ বিহাৰৰ লগতে আন কেইবাখনো ৰাজ্যৰ উপ-নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হৈছে বিজেপি দলটো ৷ তাৰে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপি কৰ্মীসকলে পালন কৰে বিজয় উৎসৱ ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোডতো বিজেপি কৰ্মীসকলে সমদল উলিয়াই, ফটকা ফুটাই বিজয় উৎসৱ পালন কৰা দেখা যায় ৷ এই সমদলত অংশগ্ৰহণ কৰে প্ৰায় দুই শতাধিক বিজেপি কৰ্মী-সমৰ্থকে ৷

উৎফুল্লিত বিজেপি কৰ্মী

ABOUT THE AUTHOR

...view details