বৰপেটা, ১০ আগষ্টঃ বৰপেটাত জিলা প্ৰশাসনৰ আশীৰ্বাদত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউলৰ অবাধ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈছে ৷ জিলাখনৰ বিভিন্ন স্থানত চলি থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউলৰ বিৰুদ্ধে ৰাইজে অভিযোগ দিলেও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো পোহৰলৈ আহিছে ৷
সোমবাৰে বৰপেটাৰ হাউলীৰ সমীপৰ বৰবালা বজাৰত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থা চমুকৈ বি আই ই অ'ৰ বিষয়াৰ এটা দলে বজাৰখনৰ এটা গুদামত অভিযান চলাই বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল জব্দ কৰে ৷ বৰবালা বজাৰৰ মজনু আলী নামৰ লোকজনৰ গুদামটোত বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল মজুত হৈ থকাৰ খবৰ লাভ কৰিয়েই গুদামটোত অভিযান চলাই বি আই ই অ'ৰ দলটোৱে চাউলসমুহ জব্দ কৰে ৷ বি আই ই অধ্যক্ষ বিপুল চন্দ্ৰ তালুকদাৰ,উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা আৰু পৰিদৰ্শক দিলীপ কুমাৰ ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান ৷