বৰপেটা,15 মেঃ ধাৰাবাহিকভাবে ঘোষণা কৰা লকডাউনে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ দৈনিক উপাৰ্জনকাৰী সকলৰ বাবে তীব্ৰ সংকট কঢ়িয়াই আনিছে । সামন্তৰালকৈ, নাপিত বৃত্তিৰ সৈতে জড়িত লোকসকলৰ জীৱনলৈও তীব্ৰ ভাবুকি আহি পৰিছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৰপেটা জিলাৰ খংৰা, বৰভিঠা, বহৰি, চেনিমাৰী, চেঙা আদি অঞ্চলৰ অৰ্ধশতাধিক নাপিতে এতিয়া আৰ্থিক সংকটত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে ।
বৰপেটাত সাহাৰ্য বিচাৰি ৰাজপথলৈ ওলাই আহিল অৰ্ধশতাধিক নাপিত - অসম লকডাউন
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৰপেটা জিলাৰ খংৰা, বৰভিঠা, বহৰি, চেনিমাৰী, চেঙা আদি অঞ্চলৰ অৰ্ধশতাধিক নাপিতে এতিয়া আৰ্থিক সংকটত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে । শুকুৰবাৰে আৰ্থিক সংকটত পৰা বৰপেটা জিলাৰ খংৰাৰ অৰ্ধশতাধিক নাপিতে ৰাজপথলৈ ওলাই আহি চৰকাৰৰ ওচৰত সহায় বিচাৰে ।
![বৰপেটাত সাহাৰ্য বিচাৰি ৰাজপথলৈ ওলাই আহিল অৰ্ধশতাধিক নাপিত Barpeta Barbers ask relief from government](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7205859-thumbnail-3x2-b.jpg)
সাহাৰ্য বিচাৰি ৰাজপথলৈ ওলাই আহিল অৰ্ধশতাধিক নাপিত
সাহাৰ্য বিচাৰি ৰাজপথলৈ ওলাই আহিল অৰ্ধশতাধিক নাপিত
উল্লেখ্য যে, শুকুৰবাৰে আৰ্থিক সংকটত পৰা বৰপেটা জিলাৰ খংৰাৰ অৰ্ধশতাধিক নাপিতে ৰাজপথলৈ ওলাই আহি চৰকাৰৰ ওচৰত সহায় বিচাৰে । দৈনিক উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া নাপিতসকলক আৰ্থিক সকাহ দিবলৈ চৰকাৰলৈ দাবী জনাইছে অঞ্চলটোৰ সচেতন লোকসকলেও ।
লগতে পঢ়ক-কলিয়াবৰত হেৰ'ইন সহ আটক দুজন