অসম

assam

By

Published : Apr 16, 2019, 12:10 PM IST

ETV Bharat / state

জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসলৈ 'বৰপেটা বঁটা '

পহিলা ব'হাগৰ দিনটোত বৰপেটা ছাত্ৰ সন্থাই অভিনেত্ৰী চেতনা দাসক প্ৰদান কৰে 'বৰপেটা বঁটা'

জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসলৈ ' বৰপেটা বঁটা '

বৰপেটা,১৬ এপ্ৰিলঃ ৰাজ্যৰ চৌদিশে এতিয়া ব'হাগৰ আনন্দ। আনন্দৰ মাজতে পহিলা ব'হাগৰ দিনটোত অভিনেত্ৰী চেতনা দাসে লাভ কৰে বৰপেটা বঁটা। বৰপেটা ছাত্ৰ সন্থাই ২০১৯ বৰ্ষৰ বাবে এই বৰপেটা বঁটা প্ৰদান কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীক। অভিনেত্ৰীগৰাকীক 'বৰপেটা বঁটা'ৰ সৈতে এখন অংগবস্ত্ৰ, জাপি, শৰাই, প্ৰশস্তি পত্ৰ আৰু নগদ ১০ হাজাৰ টকা আৰু স্মাৰক প্ৰদান কৰে বৰপেটা ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে, আধ্যাত্মিকতা, সাহিত্য-সংস্কৃতি, গৱেষণা, ক্ৰীড়া, উদ্ভাৱনা, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ৰাজ্যখনৰ বিশিষ্ট ব্যক্তি সকলক নিৰ্বাচিত কৰি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ২০১৩ বৰ্ষৰ পৰাই প্ৰদান কৰি আহিছে এই বৰপেটা বঁটা ৷

জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসলৈ 'বৰপেটা বঁটা '
সত্ৰনগৰীৰ ঐতিহ্যৰে সংপৃক্ত এই বঁটা গ্ৰহণ কৰি অতি আনন্দিত আৰু বৰপেটাবাসীৰ ওচৰত কৃতজ্ঞ বুলি প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে ৷ এই অনুষ্ঠানতে ৰাজ্য চৰকাৰে প্ৰদান কৰা শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু সংগীত নাটক অকাডেমী বঁটা প্ৰাপক জগন্নাথ অধিকাৰীকো সম্বৰ্ধনা জনায় ছাত্ৰসন্থাই ৷

ABOUT THE AUTHOR

...view details