অসম

assam

By

Published : Oct 23, 2019, 1:18 PM IST

ETV Bharat / state

বৰপেটাত আতচবাজী উদ্যোগত অগ্নিকাণ্ডঃ অগ্নিদগ্ধ এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু

সোমবাৰে সন্ধিয়া বৰপেটা চহৰৰ বিলৰতাৰী হাটীৰ বৰপেটা আতচবাজী উদ্যোগটোত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ঘটনাটোত অগ্নিদগ্ধ হৈছিল ১৩ জনকৈ শ্ৰমিক ৷ অগ্নিদগ্ধ এগৰাকী মহিলা শ্ৰমিকৰ জি এম চি এইচত মৃত্যু ৷ মৃত মহিলা শ্ৰমিকগৰাকীৰ নাম পাৰ্বতী দাস ৷

আতচবাজী উদ্যোগটোত সংঘটিত হৈছিল অগ্নিকাণ্ডত আহত শ্ৰমিক

বৰপেটা, ২৩ অক্টোবৰ: বৰপেটা চহৰত আতচবাজী উদ্যোগত অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিদগ্ধ এগৰাকী মহিলা শ্ৰমিকৰ জি এম চি এইচত মৃত্যু ৷ মৃত মহিলা শ্ৰমিকগৰাকীৰ নাম পাৰ্বতী দাস ৷ মৃত মহিলা শ্ৰমিকগৰাকীৰ ঘৰ বৰপেটাৰ সমীপৰ পলাশৰতল গাঁৱত ৷ উল্লেখ্য যে সোমবাৰে সন্ধিয়া বৰপেটা চহৰৰ বিলৰতাৰী হাটীৰ বৰপেটা আতচবাজী উদ্যোগটোত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ঘটনাটোত অগ্নিদগ্ধ হৈছিল ১৩ জনকৈ শ্ৰমিক ৷ অগ্নিদগ্ধ শ্ৰমিক কেইজনক লগে লগে বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ অৱশ্যে গুৰুতৰভাৱে অগ্নিদগ্ধ ৪ শ্ৰমিকক সোমবাৰে নিশাই সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছিল ৷ জিএমছিএইছত চিকিৎসাধীন অৱস্থাতে মঙলবাৰে নিশা পাৰ্বতী দাস নামৰ মহিলাগৰাকীৰ মৃত্যু হয় ৷

বৰপেটাত আতচবাজী উদ্যোগত অগ্নিকাণ্ড

ইপিনে আতচবাজী কাৰখানাৰ মালিক পক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে মৃত পাৰ্বতী দাসৰ পৰিয়ালে ৷ পাৰ্বতী দাসৰ চিকিৎসাৰ ক্ষেত্ৰত মালিক পক্ষই সহায়-সহযোগ নকৰাৰ অভিযোগ কৰিছে পৰিয়ালটোৱে ৷ এই পৰ্যন্ত ৭ গৰাকী শ্ৰমিক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩ গৰাকী শ্ৰমিক জি এম চি এইচত চিকিৎসাধীন হৈ আছে ৷

লগতে চাওকঃউত্তেজিত গ্ৰাহকে লণ্ড-ভণ্ড কৰিলে 'অসম বহুমুখি সমবায় সমিতি'ৰ কাৰ্যালয়

ABOUT THE AUTHOR

...view details