অসম

assam

ETV Bharat / state

বৰপেটাত 'অটল অমৃত যোজনা'ৰ ফলাফল

অটল অমৃত যোজনাৰ জৰিয়তে লাভ কৰা বিনামূলীয়া চিকিৎসা সেৱাৰ জৰিয়তে দেশৰ দুখীয়া,সম্বলহীন লোকসকলক উপকৃত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন গ্ৰহণ কৰিছিল,কেন্দ্ৰীয় চৰকাৰৰ এই উদ্দেশ্য কিমান পৰ্যন্ত সফল হ'ল?? এয়া জানিবলৈ চাওঁক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন ৷

By

Published : Feb 10, 2020, 11:35 AM IST

Barpeta "Atal Amrit Abhiyan" and "PM Ayushman Bharat Abhiyan's" Report
বৰপেটাত 'অটল অমৃত যোজনা'ৰ ফলাফল

বৰপেটা, ১০ ফেব্ৰুৱাৰীঃ কেন্দ্ৰৰ শাসনাধিস্থিত বিজেপি চৰকাৰখনে দেশৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ জনকল্যাণমুখী আঁচনি ৷ চৰকাৰে গ্ৰহণ কৰা জনকল্যাণকামী আঁচনিসমূহৰ ভিতৰত স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা আঁচনিবোৰেই বিশেষভাৱে দুখীয়া,অভাৱগ্ৰস্ত কোনো লোকে যাতে অৰ্থৰ অভাৱত চিকিৎসা সেৱা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া নহয় অথবা ৰোগীৰ পৰিয়ালটো সৰ্বস্বান্ত হ'বলগীয়া নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল 'অটল অমৃত যোজনা' ৷ সমগ্ৰ দেশৰ ভিতৰতে 'অটল অমৃত যোজনা' আঁচনিখন স্বাস্থ্য সেৱাৰ এখন উল্লেখযোগ্য আঁচনি হিচাপে পৰিগণিত হৈছে ৷

বৰপেটাত 'অটল অমৃত যোজনা'ৰ ফলাফল সন্দৰ্ভত বিশেষ প্ৰতিবেদন

লগতে পঢ়ক:কটকটীয়া নিৰীক্ষণৰ মাজত আৰম্ভ মেট্ৰিক পৰীক্ষা

বৰপেটা জিলা স্বাস্থ্য বিষয়াৰ পৰা জানিব পৰা মতে, ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে বৰপেটা জিলাতো বৃহৎসংখ্যক ৰোগীয়ে 'অটল অমৃত যোজনা'ৰ জৰিয়তে বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৰপেটা জিলাত এতিয়ালৈকে ১৪৭ জন ৰোগীয়ে 'অটল অমৃত যোজনা'ৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিছে ৷ ইপিনে বৰপেটা মেডিকেল কলেজ হাস্পতালতো এতিয়ালৈ প্ৰায় ২০১ জন ৰোগীয়ে 'অটল অমৃত যোজনা'ৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিছে ৷ কেৱল 'অটল অমৃত যোজনা'ই মাথো নহয়, 'প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত যোজনা'ৰ জৰিয়তে বৰপেটা মেডিকেল কলেজ হাস্পতালত ৩০৭১ গৰাকী ৰোগীলৈ সেৱা আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত 'অটল অমৃত যোজনা'ৰ জৰিয়তে আনকি ৰোগীয়ে আই চি ইউৰ বিনামূলীয়া সেৱাও লাভ কৰিছে ৷ অৱশ্যে বৰপেটা মেডিকেল কলেজ হাস্পতালত এই মূহুৰ্তলৈকে কৰ্কট ৰোগৰ চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো ৰোগীয়ে ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত কৰ্কট ৰোগৰ চিকিৎসাৰ ইউনিট মুকলি হ'লেই অটল অমৃত যোজনাৰ জৰিয়তে বৰপেটা মেডিকেল কলেজ হাস্পতালতো বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব ৷ উল্লেখ্য যে কেৱল বৰপেটা মেডিকেল কলেজ হাস্পতাল বা চৰকাৰী হাস্পতাল সমূহতেই নহয়,নাৰ্ছিংহোমতো অটল অমৃত যোজনাৰ জৰিয়তে ৰোগীয়ে সেৱা লাভ কৰিবলৈ সক্ষম হৈছে ৷

বৰপেটাত 'অটল অমৃত যোজনা'ৰ ফলাফল সন্দৰ্ভত বিশেষ প্ৰতিবেদন

লগতে পঢ়ক:ভূমি বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত সংঘটিত হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details