অসম

assam

ETV Bharat / state

যুৱ চিত্ৰ শিল্পীৰ চমক,জুইৰে চিত্ৰ অংকণ কৰি অভিলেখ বৰপেটাৰ নিৰ্জু ৰাজ দাসৰ - নিৰ্জু ৰাজ দাস নামৰ যুৱ প্ৰতিভা

নিৰ্জু ৰাজ দাস নামৰ যুৱ প্ৰতিভাধৰ শিল্পীজনৰ প্ৰতিভাই আৰ্কষিত কৰিছে বহুজনকে ৷ মুখেৰে চিত্ৰ অংকণ কৰি প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত জুইৰে চিত্ৰ অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সত্ৰনগৰী বৰপেটাৰ চিত্ৰ শিল্পী নিৰ্জু ৰাজ দাস ৷

barpeta artist nirju raj das achievement ,got ,got assam book of record
যুৱ চিত্ৰ শিল্পীৰ চমক

By

Published : Jul 11, 2020, 3:13 PM IST

বৰপেটা, ১১ জুলাইঃ সত্ৰনগৰী বৰপেটাৰ এগৰাকী প্ৰতিভাধৰ যুৱ চিত্ৰ শিল্পী,নাম নিৰ্জু ৰাজ দাস ৷ তেওঁৰ শিল্পী প্ৰতিভা দেখি তৱধ মানিব আপুনিও ৷ মুখেৰে চিত্ৰ অংকণ কৰি প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰা নিৰ্জু ৰাজ দাসে এইবাৰ জুইৰে চিত্ৰ অংকণ কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । বিভিন্ন ৰঙৰ ব্যৱহাৰেৰে চিত্ৰ অংকণ কৰা শিল্পী গৰাকী বৰ্তমান ব্যস্ত জুইৰে চিত্ৰ অংকণত ।

যুৱ চিত্ৰ শিল্পীৰ চমক

শিল্পী গৰাকীয়ে জুইৰে অঁকা শচীন তেণ্ডুলকাৰৰ চিত্ৰ, ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ চিত্ৰ অসম বুক অৱ ৰেকৰ্ডছলৈ মনোনয়ৰ বাবে প্ৰেৰণ কৰিছিল । আনহাতে শিল্পী গৰাকীয়ে মুখেৰেও অংকণ কৰিছে জুবিন গাৰ্গ,ভূপেন হাজৰিকা,বিষ্ণুপ্ৰসাদ ৰাভা আদি বহু কেইগৰাকী বৰেণ্য অসমীয়াৰ ছবি । মুখেৰে ছবি অংকন কৰাৰ লগতে শেহতীয়া ভাৱে জুইৰ সহায়ত ছবি অংকন কৰাৰ এই নতুন কৌশলক লৈ অতিশয় সুখী শিল্পী গৰাকী । জীৱনত এগৰাকী ভাল চিত্ৰ শিল্পী হিচাপে পৰিচিত হোৱাৰ সাধনাত ব্যস্ত এইগৰাকী শিল্পীৰ লক্ষ্য শিল্পৰ জৰিয়তে বিশ্ব ৰেকৰ্ড গঢ়াৰ । নতুন নতুন চিন্তাৰে শিল্প সাধনাৰ ক্ষেত্ৰত যোৱা নিৰ্জু ৰাজ দাসে দুয়োখন হাত আৰু মুখেৰে একেলগে তিনিখনকৈ ছবি আঁকিও নিজৰ প্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছে । শিল্প সাধনাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত কৰাৰ সপোন পূৰ হওক নিৰ্জু ৰাজ দাস নামৰ যুৱ প্ৰতিভাধৰ শিল্পীজনৰ । আমিও জনালো তেওঁক শুভকামনা ।

লগতে পঢ়কঃঅৱশেষত গোচৰ তৰিলে প্ৰীতি কংগনাই

ABOUT THE AUTHOR

...view details