অসম

assam

ETV Bharat / state

কামৰুল ইছলাম চৌধুৰীৰ মুক্তিৰ দাবীত বৰপেটা আৰু ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ - ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

"কা" আন্দোলনত হিংসা বিয়পোৱা আৰু প্ৰৰোচিত কৰাৰ ভুৱা অভিযোগত নিয়াই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম চৌধুৰীক | তেখেতক বিনাচৰ্তে মুক্তিৰ দাবীত শুকুৰবাৰে বৰপেটা ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বৰপেটা যুৱ কংগ্ৰেছে ৷ সমান্তৰালকৈ ধুবুৰীতো কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

Barpeta and Dhuburi youth congress protest
কামৰুল ইছলাম চৌধুৰীৰ মুক্তিৰ দাবীত বৰপেটা আৰু ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Jan 24, 2020, 5:44 PM IST

বৰপেটা,24 জানুৱাৰীঃযুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ ৷ ৰাজ্যত অব্যাহত থকা "কা" আন্দোলনত হিংসা বিয়পোৱা আৰু প্ৰৰোচিত কৰাৰ অভিযোগত নিয়াই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম চৌধুৰীক | তেখেতক বিনাচৰ্তে মুক্তিৰ দাবীত শুকুৰবাৰে বৰপেটা ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বৰপেটা যুৱ কংগ্ৰেছে ৷

বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰাৰ বাবেই যুৱ কংগ্ৰেছ নেতাগৰাকীক ভুৱা অভিযোগ আনি নিয়াই গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে যুৱ কংগ্ৰেছৰ সদস্যসকলে ৷ অন্যথা ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

সমান্তৰালকৈ, ধুবুৰীতো কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷বৃহস্পতিবাৰে ধুবুৰী জিলা যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে শুকুৰবাৰে পুনৰ যুৱ কংগ্ৰেছৰ সভাপতি আলতাব হুছেইন মণ্ডলৰ নেতৃত্বত জিলা যুৱ কংগ্ৰেছে এক প্ৰতিবাদী সমদল উলিয়ায় ৷ কামৰুল ইছলামক বিনা চৰ্তে মুক্তিৰ দাবীত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদাকৰীসকলে ৷ উল্লেখযোগ্য যে, ধুবুৰী আৰক্ষীয়ে প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰী আটক কৰে যদিও কিছু সময় পিছতেই সকলো লোককে মুকলি কৰি দিয়া হয় ৷

লগতে পঢ়ক-গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ-দুৰ্ঘটনা: নিহত 2

ABOUT THE AUTHOR

...view details