বৰপেটা, ৩১ জানুৱাৰী :অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷
অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ দেওবাৰে নৱ গঠিত ৰাজনৈতিক দলটোৱে বৰপেটাত নিৰ্বাচনী কুচ-কাৱাজ চলোৱা পৰিলক্ষিত হয় ৷ বৰপেটাত দেওবাৰে অসম জাতীয় পৰিষদৰ বুথ সভা সম্পন্ন হয় ৷ বুথ সভাত ভাগ লয় এজেপিৰ উপ সভাপতি তথা বৰপেটা জিলাৰ প্ৰভাৰী দুলু আহমেদে ৷